অসম

assam

ETV Bharat / state

মৰিগাঁৱত বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰাভা দিৱস উদযাপন - মৰিগাঁৱৰ ঔজাৰি মধ্য ইংৰাজী বিদ্যালয়

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱৰ ঔজাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণতো ভিন্ন কাৰ্যসূচীৰে ৰাভাদেৱক স্মৰণ । বৰষুণৰ মাজতে দল সংগঠনৰ নেতৃত্বই কলাগুৰুক জনালে শ্ৰদ্ধাঞ্জলি ।

Rabha divas celebration morigaon
মৰিগাঁৱত বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰাভা দিৱস উদযাপন

By

Published : Jun 20, 2020, 6:56 PM IST

Updated : Jun 20, 2020, 11:26 PM IST

মৰিগাঁও, 20 জুন: দুই কি:মি: পথৰ দাঁতিত আৰু বিদ্যালয়ৰ প্ৰাংগণত বৃক্ষ পুলি ৰোপণৰে মৰিগাঁৱত ৰাভা দিৱস উদযাপন মৰিগাঁৱৰ একাধিক দল সংগঠনৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁও জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত আৰু ঔজাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত ঔজাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী ।

কিনকিনিয়া বৰষুণৰ মাজতে একেধাৰে শিল্পী,বিপ্লৱী বীৰ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত ম্যাল্যাপৰ্ণ কৰে ঔজাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লোহিত ডেকাই। জীৱন জেউতি কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দ্বীপজ্যোতি বৈশ্য, মৰিগাঁও জিলা কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ ৰিজুস্মৃতা ডেকা শৰ্মা,জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকাকে ধৰি বহুকেইটা দলসংগঠনৰ নেতৃত্ব উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনালে কলগুৰু গৰাকীক ।

মৰিগাঁৱত বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰাভা দিৱস উদযাপন

আলফা শ্বহীদ সমন্বয়ৰক্ষী পৰিষদৰ সাধাৰণ সম্পাদক লাচিত ডেকাই বিপ্লৱী বীৰ গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত এক গভীৰ বিশ্লেষণ আগবঢ়াই কয় যে, আজিৰ তাৰিখত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা অতি জৰুৰী হৈ পৰিছে ।সেয়ে খিলঞ্জীয়া অসমীয়াৰ মাজত সদায় ৰাভাৰ আদৰ্শৰে ন ন বাহিনী গঠন হৈ থাকিব ।

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

Last Updated : Jun 20, 2020, 11:26 PM IST

ABOUT THE AUTHOR

...view details