অসম

assam

By

Published : Dec 15, 2020, 11:22 AM IST

ETV Bharat / state

বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা সাংসদ প্ৰদ্যুত বৰদলৈৰ

লাহৰীঘাটত তুংগত উঠিছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ৷ লাহৰীঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ অভিযান ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ক্ষমতাচ্যুত কৰাৰ আহ্বান জনাই বিজেপি দলক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা সাংসদ বৰদলৈৰ ৷

political parties in assam gears up for tac election
বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা সাংসদ প্ৰদ্যুত বৰদলৈৰ

মৰিগাঁও,15 ডিচেম্বৰ:তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সমষ্টি সমূহত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দল তথা দলৰ ৰথী-মহাৰথী সকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লাহৰিঘাটবাসীক কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান সাংসদ প্ৰদ্যুত বৰদলৈৰ

পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত পাছ নপৰি কংগ্ৰেছে লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত 2 নং বৰঙণি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মালিৰাম পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মালিৰাম পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা কৰে ৷ কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান জনাই সাংসদ বৰদলৈয়ে বিজেপিয়ে অসমখনক এফালৰ পৰা থাইলেণ্ড মাগুৰৰ দৰে খাই আহিছে বুলি মন্তব্য কৰে ৷ শীঘ্ৰে এই দলটোক বিদায় নিদিলে সমগ্ৰ অসমীয়া জাতিটোক খাই পেলাব বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে লগতে কয় যে বিজেপিক ক্ষমতাচ্যুত কৰাৰ সংকল্প লৈ ৰাইজে এই তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ ছবিত ভোট দিব লাগিব।

উক্ত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামে এইবাৰ তিৱা স্বায়ত্ব শাসিত পৰিষদ কংগ্ৰেছ দলে দখল কৰিব বুলি মন্তব্য কৰে। ইফালে লাহৰীঘাট জিলা পৰিষদৰ সদস্যা তথা মৰিগাঁও জিলাৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সভানেত্ৰী ইছমা আৰা বেগমে তিৱা সম্প্ৰদায়ৰ লোক সকলৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰাৰ লগতে এই সভাত অংশগ্ৰহন কৰি ভাষন প্ৰদান কৰে।

তিৱা স্বায়ত্ব শাসিত পৰিষদত বৰ্তমানে বলি থকা নিৰ্বাচনী বতাহ জাক বিশ্লেষণ কৰিবলৈ গ'লে দেখা যায় যে এইবাৰৰ তিৱা স্বায়ত্ব পৰিষদৰ এই নিৰ্বাচন মূলতঃ কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতে সীমাবদ্ধ থাকিব ৷ অৱশ্যে লাহৰিঘাট সমষ্টিত বৰ্তমান কংগ্ৰেছ দলৰ বিধায়ক থকাৰ বাবে তিৱা সম্প্ৰদায়ৰ লোক সকলৰ মাজত যথেষ্ট পৰিমাণে কংগ্ৰেছৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে অন্যবাৰতকৈ এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ কিছু পৰিমাণে পৃথক যেন পৰিলক্ষিত হৈছে ৷ প্ৰত্যেকটো দলৰে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে কংগ্ৰেছ অথবা বিজেপি কোনোটো দলেই ভোটাৰক আকৰ্ষিত কৰাত চেষ্টাৰ কোনো ক্ৰুটি ৰাখিব বিছৰা নাই ৷ প্ৰায় সংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাতেই নাচ গান অনুষ্ঠিত হোৱালৈ চাই এই বুলি ক'ব পাৰি যে কংগ্ৰেছ ,বিজেপি উভয়েই নাচ গানৰ মাধ্যমেৰে ভোটাৰক আকৃষ্ট কৰা চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details