অসম

assam

ETV Bharat / state

মৰিগাঁৱত কবি সন্মিলনৰ সাহাৰ্য বিতৰণ

কাগজ-কলম হাতত লৈ কল্প চিত্ৰ অংকণ কৰাৰ বিপৰীতে শুকুৰবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল মৰিগাঁৱৰ কবি সমাজক । সদৌ অসম কবি সন্মিলনৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিৰ ন-পুৰণি কবিসকল উপস্থিত হয় বন্যাৰ্তৰ কাষত ।

মৰিগাঁৱত কবি সন্মিলনৰ সাহাৰ্য বিতৰণ

By

Published : Jul 20, 2019, 4:05 AM IST

মৰিগাঁও, 20 জুলাই : শুকুৰবাৰে মৰিগাঁও বন্যাৰ্তৰ মাজত উপস্থিত হয় সদৌ অসম কবি সন্মিলনৰ ন-পুৰণি কবি সমাজ । সদৌ অসম কবি সন্মিলনৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাকলং টেঙাগুৰিৰ শতাধিক বানাক্ৰান্তৰ মাজত উপস্থিত হৈ প্ৰথমে বানপৰিস্থিতিৰ বুজ লয় । জিলা সমিতিৰ কবি বিষয়ববীয়াসকলে টেঙাগুৰি, টেঙাগুৰি ভূমিহীন, ফুলগুৰিৰ তিনিটা চুবুৰীৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, দালি, মিঠাতেল, নিমখ, চেনি, চিৰা, বিস্কুট, মেছ, ম'ম । সন্মিলনীয়ে অহা ২১ জুলাইত দ্বিতীয় লানি বানসাহাৰ্য বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ।

মৰিগাঁৱত কবি সন্মিলনৰ সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details