অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ ভূৰাগাঁৱত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ

মৰিগাঁও ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰাৰ দাবীত ৰাইজৰ মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত । মথাউৰি নেলাগে । লাগে গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা ।

Morigaon human chain protestd
মৰিগাঁৱৰ ভূৰাগাঁৱত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ

By

Published : Sep 6, 2020, 10:35 PM IST

মৰিগাঁও,6 ছেপ্তেম্বৰঃ দেওবাৰে মৰিগাঁও ভূৰাগাঁৱত ৰাইজৰ মানৱ শৃংখলংৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজপথলৈ ওলাই আহিল শ শ গৰাখহনীয়াগ্ৰস্ত জনতা । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবীত এওঁলোকে উত্তাল কৰিলে ৰাজপথ । জিঅ বেগ, পাৰ্কুপাইন, বাঁহৰ জেং পেলাই লুণ্ঠন কৰাৰ বিপৰীতে স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবী এইসকল খহনীয়া গ্ৰস্তৰ ।

মৰিগাঁৱৰ ভূৰাগাঁৱত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ
মৰিগাঁৱৰ ভূৰাগাঁৱত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ

উল্লেখ্যযোগ্য যে ,প্ৰতি বছৰে ভূৰাগাঁও ৰাজহ চক্ৰত ইখনৰ পাছত সিখন গাঁও নিঃচিহ্ন হৈছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত । চলিত বৰ্ষতো বহু পৰিয়ালে হেৰুৱাইছে ঘৰ ভেটি । জাহ গৈছে স্কুল, নামঘৰ, মছজিদ আৰু বিভিন্ন অনুষ্ঠান । সেয়ে এওঁলোকৰ দাবী আমাক অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা নালাগে । কিন্তু চৰকাৰে শুনিবনে এই সকল খহনীয়াক্ৰান্তৰ দুৰ্দশাৰ গাঁথা ৷

লগতে পঢ়কঃ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details