মৰিগাঁও, ২২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সোমবাৰে মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে । আৰক্ষীৰ বাধাকো নেওচি ক'লা কাপোৰ প্ৰদৰ্শন কৰে সংগঠনটোৰ মৰিগাঁও জিলা সমিতিৰ সদস্যসকলে ।
মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ মৰিগাঁৱৰ গান্ধী ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে ক'লা কাপোৰ লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে এই কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা ছাত্র সন্থাই ।
মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদত আৰক্ষীৰ বাধা প্ৰদান কৰে ।
লগতে পঢ়ক:নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি