অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ খহনীয়াৰ সমস্য়া সমাধানৰ আহ্বান উপায়ুক্তক

মৰিগাঁও জিলাৰ মূল সমস্যা হৈছে বান আৰু গৰাখহনীয়া(Massive Erosion in Marigaon)। তদুপৰি জিলাখনৰ বহু চৰকাৰী বিদ্য়ালয়ৰ শিক্ষকে সময়মতে বিদ্যালয় নোযোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এই সমস্য়া সমাধানৰ বাবে সাংবাদিকে আহ্বান জনালে জিলাৰ উপায়ুক্ত(New DC of Morigaon) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মাক।

By

Published : Sep 3, 2022, 8:03 PM IST

DC interaction with Marigaon journalists
মৰিগাঁৱৰ খহনীয়াৰ সমস্য়া সমাধানৰ আহ্বান উপায়ুক্তক

ধিং, ৩ ছেপ্তেম্বৰ:যোৱা ৩১আগষ্টত মৰিগাঁও জিলাৰ উপায়ুক্ত(New DC of Morigaon) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মাই শনিবাৰে মৰিগাঁৱৰ সাংবাদিক সকলৰ সৈতে মত-বিনিময়(DC interaction with Marigaon journalists)কৰে । উক্ত মত-বিনিময় অনুষ্ঠানত জিলাখনৰ সামাজিক,অৰ্থনৈতিক,শৈক্ষিক,যাতায়ত,স্বাস্থ্যকে ধৰি বিভিন্ন সমস্যা আদিৰ বিষয়ে আলোচনা কৰা হয় ।

মৰিগাঁৱৰ খহনীয়াৰ সমস্য়া সমাধানৰ আহ্বান উপায়ুক্তক

জিলাখনৰ মূল সমস্যা বান আৰু গৰাখহনীয়া(Massive Erosion in Marigaon)। জিলাখনৰ ভূৰাগাঁৱত বছৰ বছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া । বান-গৰাখহনীয়াত ইতিমধ্য়েই জাহ গৈছে অঞ্চলটোৰ বহুকেইখন ৰাজহ গাঁৱৰ উপৰি কেইবাখনো বিদ্যালয়,ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান । আধুনিক বৈজ্ঞানিক পদ্ধতিৰে বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ লগতে বান-গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালে আজিও উপযুক্ত পদক্ষেপৰ বাবে দাবী জনাই আছে । সেয়োহে ৰাইজে কেনেধৰণৰ দুৰ্যোগৰ সন্মুখীন হৈ আছে সেই সন্দৰ্ভতো সাংবাদিক সকলে উপায়ুক্ত গৰাকীক অৱগত কৰে ।

তদুপৰি মৰিগাঁৱৰ শৈক্ষিক পৰিবেশ আৰু অধিক উন্নয়ন কৰাৰ স্বাৰ্থত উপায়ুক্তগৰাকীয়ে(Marigaon DC discussed on Education)বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে সাংবাদিকে মতপোষণ কৰে । বহু চৰকাৰী বিদ্য়ালয়ৰ শিক্ষকে সময়মতে বিদ্যালয় লৈ নগৈ হাটে-বজাৰে আড্ডা মাৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সেয়ে নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈও তেওঁক আহ্বান জনায় ।

উক্ত অনুষ্ঠানটোত মৰিগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা,ডালিম ফুকন,অজিত শৰ্মা,ছাইফুল ইছলামৰ উপৰি মানবেন্দ্ৰ নাথ,প্ৰাঞ্জল দাস,প্ৰদীপ ডেকা,আবুল কালাম,বিষ্ণু ডেকা উপস্থিত থাকে । এই অনুষ্ঠানটোতে উপায়ুক্তগৰাকীয়ে জিলাখনৰ বিভিন্ন ঠাইত প্ৰতি দেওবাৰে ভ্ৰমণ কৰিব বুলি কয় ।

ইপিনে,শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰ(Alipukhuri Patekibari Satra in Marogaon)মৈৰাবাৰীলৈ যোৱা পথটোৰ মৰিগাঁও চহৰত এখন তোৰণ নিৰ্মাণ(Appeal for gate construction in Marigaon)কৰাৰ বাবে সকলোৰে সমৰ্থনত নৱ-নিযুক্ত উপায়ুক্ত গৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত জিলা উপায়ুক্তগৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনো উপস্থিত থাকে ।

লগতে পঢ়ক:খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক সদায় স্মৰণ কৰিব লাগে: মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details