অসম

assam

Operation against Child marriage: মৰিগাঁৱত বাল্য বিবাহৰ লগত জড়িত 24 জন অভিযুক্ত গ্ৰেপ্তাৰ

By

Published : Feb 3, 2023, 6:22 AM IST

Published : Feb 3, 2023, 6:22 AM IST

Updated : Feb 3, 2023, 8:36 AM IST

illegitimate-husband-arrested-in-morigaon
মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ 24জন অভিযুক্ত

06:06 February 03

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ অসম আৰক্ষী ৷ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত বাল্য বিবাহৰ লগত জড়িত কেইবাজনকো আটক ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো চলিছে আৰক্ষীৰ অভিযান ৷ জিলাখনত চলোৱা অভিযানত এই পৰ্যন্ত ২৪ জন অভিযুক্তক গ্ৰেপ্তাৰ (Illegitimate husband arrested From Morigaon) ৷

মৰিগাঁও, 3 ফেব্ৰুৱাৰী:“শুকুৰবাৰৰ পৰা বাল্য বিবাহত জড়িত সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ব । অহা ছয়-সাত দিনত ১৮ বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱক বা পুৰুষক গ্ৰেপ্তাৰ কৰা হ’ব ।” বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী (Assam drive against child marriage) ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই কাম ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান আৰু গ্ৰেপ্তাৰ প্ৰক্ৰিয়া (Assam Govt against Child marriage)। উল্লেখ্য যে সমগ্ৰ অসমত যোৱা 9 দিনত বাল্যবিবাহৰ বিৰুদ্ধে ৰুজু হৈছিল 4004 টা গোচৰ (4,004 child marriage cases registered in Assam)।

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে আৰক্ষীৰ অভিযান (Operation against Child marriage In Assam) ৷ বৃহস্পতিবাৰে নিশা পৰ্যন্ত চলোৱা অভিযানত বাল্য বিবাহৰ লগত জড়িত কেইবাজনো অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো চলিছে আৰক্ষীৰ এই অভিযান ৷

বাল্যবিবাহৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ ৯ খন আৰক্ষী থানা আৰু পাঁচখন আৰক্ষী পহৰা চকীত ৰুজু হৈছে বহুকেইটা গোচৰ ৷ সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে 24 জন তথাকথিত স্বামীক (Illegitimate husband arrested From Morigaon) ৷ বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত এই তথ্য সদৰী কৰে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।

বৃহস্পতিবাৰে মাজ নিশা পৰ্যন্ত চলোৱা অভিযানত জিলাখনৰ মৰিগাঁও সদৰ থানাৰ আৰক্ষীয় আটক কৰিলে ক্ৰমে- জ্ঞানজ্যোতি দাস, দামোদৰ হুকাই, মিন্টু বৰদলৈ(গড়মাৰী) আৰু ফুলকন বৰদলৈ(সিধাবাৰী) ৷ ইফালে লাহৰীঘাট থানা এলেকাৰ পৰা ৰাব্বুল হোছেইন, মোজাফৰ আলি, ভূৰাগাঁও থানা এলেকাৰ পৰা - ৰাজীবুল, ৰছিদুল আৰু গোপীনাথ বৰদলৈ কাণফালা, ধৰমতুল আৰক্ষী থানৰ এলেকাৰ পৰা বিক্ৰম ইংতিকে ধৰি শেষ নিশালৈ জিলাখনৰ জাগীৰোড, মায়ং আৰক্ষী থানাৰ উপৰিও জালুগুটি, বৰবৰী, নেলী, ভেলৌগুৰি, বৰছলা পহৰা চকীত পঞ্জীয়ন হৈ থকা সংশ্লিষ্ট গোচৰসমূহৰ ভিত্তিত অভিযান চলাই ২৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

জিলাখনৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয়,"মৰিগাঁৱৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী পহৰা চকীত বাল্যবিবাহৰ ২২৪ টা গোচৰ ৰুজু হৈ আছে ৷ বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু ই বে-আইনী কাৰ্য । গতিকে আইনী বিধান মতে দোষীসকলৰ বিৰুদ্ধে আমি বিভিন্ন গোটত ভাগ হৈ নখন আৰক্ষী থানাৰ এলেকাত থকা গোচৰৰ ভিত্তিত চলোৱা হৈছে এই অভিযান (Child marriage in Assam)।

লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, আমি পৰ্যায়ক্ৰমে ২০২১, ২০২২ চনত পঞ্জীয়ন হোৱা গোচৰৰ বিৰুদ্ধে অভিযান চলাই আছো । সময়ত পাঁচ বছৰৰ পূৰ্বৰ গোচৰৰ বিৰুদ্ধেও আৰম্ভ হ’ব অভিযান । বাল্য বিবাহৰ সামাজিক ব্যাধি ৰোধ কৰাৰ বাবে ইতিমধ্যেই সংশ্লিষ্ট বিভাগৰ সৈতে সন্মিলিতভাৱে ৰাইজৰ মাজত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে যাৱতীয় ব্যৱস্থা ৷

এই খিনিতে এটা কথা উল্লেখ্য কৰিব লাগিব যে এই অভিযানত কেৱল অবৈধ স্বামীয়েই নহয় গ্ৰেপ্তাৰ হ’ব পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌল্লবী আৰু কাজিও (Assam child marriage case list) ৷

লগতে পঢ়ক:Operation against child marriage: কলগাছিয়াত বাল্য বিবাহৰ লগত জড়িতৰ অভিযোগত 17 জনক আটক

Last Updated : Feb 3, 2023, 8:36 AM IST

ABOUT THE AUTHOR

...view details