মৰিগাঁও, 11 ডিচেম্বৰ:বিবাহ প্ৰত্যেকগৰাকী লোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি ধৰা হয় ৷ বিবাহৰ দিনটোত এজন লোকে অন্য এটা জীৱন লাভ কৰে ৷ এই বিশেষ দিনটোৰ বাবে বহু লোকে বহু সপোন দেখে ৷ আজি আমি ক’ব ওলোৱা কাহিনীটোও তেনে এক নৱবিবাহিত দম্পতীৰে (Exceptional marriage)৷ নিজৰ বিবাহৰ দিনটো আনতকৈ ব্যতিক্ৰমকৈ উদযাপন কৰাৰ ইচ্ছা আছিল টুলুমনিৰ ৷ সেই মতেই কাম ৷ বিবাহৰ দিনটোতেই বিয়াৰ ৰভাত শিক্ষক টুলুমনিয়ে উন্মোচন কৰিলে নিজে লিখা এখন কাব্যগ্ৰন্থ (Book inaugurated in marriage function) ৷
এই ব্যতিক্ৰমী বিবাহখন মৰিগাঁও জিলাৰ ছাটনগুৰিৰ আলিছিঙাত অনুষ্ঠিত হৈছে (Exceptional marriage in Morigaon) ৷ শনিবাৰে সন্ধ্যা বিবাহস্থলীত গ্ৰন্থ উন্মোচনৰে মৰিগাঁৱত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে টুলুমনি আৰু হিমাক্ষীয়ে ৷ টুলুমনি দাস পেছাত এগৰাকী শিক্ষক (Tulumoni Das exceptional marriage)৷ শিক্ষকতাৰ বাহিৰেও তেওঁৰ সাহিত্য চৰ্চাত আগ্ৰহী ৷
ইফালে কইনা হিমাক্ষী পেছাত এগৰাকী নাৰ্ছ ৷ সাহিত্যজগতখনৰ লগত তেওঁ একেবাৰেই জড়িত নহয় ৷ সেইবাবে নিজৰ বিবাহৰ দিনা এনে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ দেখি আপ্লুত হৈ পৰে হিমাক্ষী ৷ এইসকল গুণী-জ্ঞানী লোকৰ সান্নিধ্য লাভ কৰি সুখী হয় হিমাক্ষী ৷