মৰিগাঁও, ১১ মে': তিনিচুকীয়াত কৰ্মৰত চিকিৎসকক আততায়ীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চিকিৎসকসকলে । মৰিগাঁও অসামৰিক চিকিৎসালয়ত এঘন্টীয়া প্ৰতিবাদ কৰা চিকিৎসকসকলে পাছত কৰ্তব্যত যোগদান কৰে যদিও নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী অব্যাহত ৰাখে ।
চিকিৎসকৰ প্ৰতিবাদ, ব্যাহত চিকিৎসা সেৱা - ETV BHARAT
মৰিগাঁও অসামৰিক চিকিৎসালয়ত এঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক সকলে । তিনিচুকীয়াত কৰ্মৰত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ।
চিকিৎসকৰ প্ৰতিবাদ, ব্যাহত চিকিৎসা সেৱা
তিনিচুকীয়াত সংঘটিত ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মৰিগাঁৱৰ চিকিৎসক, নাৰ্চ আৰু কৰ্মীসকলে ৷