মৰিগাঁও, 4 মাৰ্চ:গুৱাহাটীৰ নিৰুদ্দিষ্ট যুৱক বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ খান্দিবলৈ মৰিগাঁৱত উপস্থিত ক্ৰাইম ব্ৰান্স, আৰক্ষী আৰু ফৰেন্সিকৰ বৃহৎ দল ৷ চাৰিমাহ পূৰ্বে নেলীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতেই চিনাক্ত নোহোৱাত আৰক্ষীয়ে মৃতদেহটো পুতি ৰাখিছিল মৰিগাঁৱৰ চৰকাৰী শ্মশানত ৷ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অধিক তথ্য সমৃদ্ধ কৰাৰ বাবে মৃতদেহ খান্দি উলিয়াবলৈ শনিবাৰে মৰিগাঁৱৰ শ্মশানত আৰক্ষীয়ে চলাইছে অভিযান (Biswajit Hazarika Murder case update) ৷
উল্লেখ্য যে, গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা যুৱক বিশ্বজিৎ হাজৰিকাক হত্যা কৰি পেলাই দিয়া হৈছিল কিলিং নদীত ৷ এই সমগ্ৰ ঘটনা বিশ্বজিৎ হাজৰিকা সন্ধানহীন হোৱাৰ 5 মাহৰ পাচত ফাদিল কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষী ৷ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডসহ 6 জনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Guwahati Biswajit Hazarika kidnaping case) ৷
উল্লেখ্য যে, 2022 বৰ্ষৰ 9 অক্টোবৰ তাৰিখে কৰ্মস্থলীৰ পৰা ঘৰলৈ ঘোৱাৰ পথতে অপৰহণ কৰা হৈছিল বিশ্বজিৎ হাজৰিকাক ৷ বিশ্বজিতক অপহৰণ কৰি নেলীলৈ লৈ গৈছিল 6 হত্যাকাৰীয়ে ৷ বিশ্বজিতৰ মুক্তিপণৰ বাবে 6 হত্যাকাৰীয়ে পৰিয়ালৰ পৰা দাবী কৰিছিল 40 লাখ টকা ৷ কিন্তু দাবী কৰা ধন লাভ নকৰাৰ বাবেই 23 অক্টোবৰত বিশ্বজিতক হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়া হয় কিলিং নদীত (Biswajit Hazarika dead body recovered) ৷