মৰিগাঁও , 1 আগষ্টঃ মৰিগাঁও আৰক্ষী থানাত এইবাৰ স্বায়ত্ত পৰিষদৰ নেতাৰ গোচৰৰ বিৰুদ্ধে গোচৰ ৷ বিধায়ক ৰমাকান্ত দেউৰীৰ সমৰ্থকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে গোচৰ তৰাৰ পাছতেই পৱন মান্তাৰ সমৰ্থকে গোচৰ তৰিলে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ৷ পৱন মান্তাৰ অভিযোগ , শাসকীয় দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা স্বায়ত্ব পৰিষদত ২০১৫-১৬ বিত্তীয় বৰ্ষত সংঘটিত কৰা কোটিটকীয়া দুনীতিৰ টকাৰে যোৱা বিধানসভা নিৰ্বাচন খেলি বিধায়ক হ'ল । তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰীৰ অভিযোগ,বিধায়ক ৰমাকান্ত দেউৰীয়ে অস্থিৰ কৰি ৰাখিছে তিৱা স্বায়ত্ব পৰিষদক ৷ তিৱা স্বায়ত্ব পৰিষদৰ উন্নয়ন নিবিচাৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ আনহাতে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ উপৰিও বৰ্তমানৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ সুবাদতে কিংবদন্তি পুৰুষ জোঙাল বলহুৰ আৱক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি হৈ ৬৬ লাখ টকা শৰাধ কৰাৰ অভিযোগ তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰীৰ ৷ গুৰুত্বপূৰ্ণ যে,শেহতীয়াকৈ তিৱা স্বায়ত্ব পৰিষদৰ এজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা মৰিগাঁও আৰক্ষীক প্ৰত্যাহ্বান তিৱা সংগঠনৰ নেতৃত্বৰ,বিধায়ক ৰমাকান্ত দেউৰী আৰু আন ঘনিষ্ঠসকলৰ বিৰুদ্ধে তৰা গোচৰৰ ভিৰ্ত্তিত বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ কৰি প্ৰকৃত শূন্য সহনশীলতাৰ পৰিচয় দাঙি ধৰক মৰিগাঁও নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
ইয়াৰ পাছতেই ঘটনাই লয় এক নতুন মোৰ ৷ অভিযোগ উত্থাপন কৰা এইসকল তিৱা জাতীয় সংগঠনৰ নেতৃত্বক দালাল আখ্যা দিলে প্ৰাক্তন তিৱা নেতা তথা বিধায়ক ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ অনিল ফামজঙে ৷ তিৱা সংগঠনৰ নেতৃত্বৰ অভিযোগ,এটা সাংস্কৃতিক ভৱন নিৰ্মাণ কৰাৰ নামত মনক চন্দ্ৰ বৰদলৈৰে লগ লাগি অনিল ফামজঙে আত্মসাত কৰিছিল তিৱা স্বায়ত্ব পৰিষদৰ আবণ্টিত ছয় লাখ টকা ৷ এই অভিযোগৰ পাছতেই তিৱা সংগঠন সমূহক উভতি ধৰি ফামজঙে মন্তব্য কৰে যে, তেওঁ নিকা মানুহ ৷ এই সকল নেতা ন্যস্ত স্বাৰ্থৰ বাবে আজি ৰমাকান্ত দেউৰী,কাইলৈ পৱন মান্তাৰ পক্ষত ৷ এইসকল জাতীয় সংগঠনৰ নেতা-নেত্ৰী নহয় ,এইসকল প্ৰকৃততে দালাল ৷