অসম

assam

ETV Bharat / state

মৰিগাঁৱত ঠিকাদাৰলৈ দুৰ্বৃত্তৰ গুলীচালনা

মৰিগাঁৱত নিশা গুলীচালনাৰ ঘটনা । তিৱা স্বায়ত্ব পৰিষদৰ এজন ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা । আৰক্ষী আৰম্ভ কৰিছে তদন্ত ৷

By

Published : Oct 11, 2019, 6:25 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা!

মৰিগাঁও,11 অক্টোবৰঃ মৰিগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ এক চাঞ্চল্যকৰ
ঘটনা । মৰিগাঁও তিৱা স্বায়ত্ত্ব পৰিষদৰ সমীপৰ বৰ্ণসত্ৰত থকা এখন চাহৰ দোকানলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালানা কৰি পলায়ন কৰে । ঘটনা অনুসৰি, এখন বাইকত অহা এটা দুৰ্বৃত্তই চাহৰ দোকানখনলৈ লক্ষ্য কৰি একজাঁই গুলীচালানা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সেই সময়ত হোটেলখনৰ গৰাকী নৱ দাস আৰু বন্ধু বিদ্যুৎ ঠাকুৰ হোটেলখনতে বহি আছিল । সৌভাগ্যক্ৰমে উক্ত আক্ৰমণৰ পৰা দুয়ো কথমপি ৰক্ষা পৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে নৱ দাসে ।

নিশাই উক্ত ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বন্দুকৰ গুলীৰ পিছফালৰ অংশ উদ্ধাৰ কৰিছে । ইফালে তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰ বিদ্যুত ঠাকুৰে উক্ত গুলীবৰ্ষণৰ ঘটনা তেওঁক লক্ষ্য কৰি কৰা বুলি সন্দেহ ব্যক্ত কৰিছে ৷ সেয়েহে ৰাতি সংঘটিত গুলীচালনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ঠিকাদাৰ বিদ্যুত ঠাকুৰে । প্ৰকৃত ঘটনাৰ ৰহস্য আৰক্ষী তদন্ততহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

তিৱা স্বায়ত্ব পৰিষদৰ ঠিকাদাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা!

ABOUT THE AUTHOR

...view details