অসম

assam

ETV Bharat / state

Protest in Morigaon : অপৰাধ নিৰ্মূলৰ দাবীত মৰিগাঁৱত কেইবাটাও প্ৰতিবাদ - অপৰাধ নিৰ্মূলৰ দাবী

আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদৰ স্থান মৰিগাঁও জিলাৰ জালুগুটি ৷ জোৱা খেল আৰু অনৈতিক কাৰ্য-কলাপ বন্ধৰ দাবীত জালুগুটিত AJYCP আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (AJYCP and GMDJP protest in Morigaon) ৷

Protest in Morigaon
মৰিগাঁৱত AJYCP আৰু GMDJP প্ৰতিবাদ

By

Published : Mar 9, 2023, 7:36 PM IST

মৰিগাঁৱত AJYCP আৰু GMDJP প্ৰতিবাদ

মৰিগাঁও, 9 মাৰ্চ :ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে মৰিগাঁও চহৰ (Crime increased in Morigaon) ৷ মৰিগাঁৱৰ ভিন্ন প্ৰান্তত বিশেষকৈ জালুগুটি অঞ্চলত সঘনে অপকৰ্ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশনায়ো যেন গা লৰাব পৰা নাই অপৰাধীৰ ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ সামাজিক দিশৰ লগতে শৈক্ষিক দিশটো এই ব্যাধিয়ে হেঙাৰ হৈ দেখা দিছে । যাক লৈ শংকিত হৈ পৰিছে এতিয়া মৰিগাঁৱৰ সচেতন জনতা ৷

এই জিলাখনৰ পৰা অপকৰ্মসমূহ নিৰ্মূল কৰাত চূড়ান্ত ব্যৰ্থ হৈছে মিকিৰিভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষী পহৰা চকী ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জালুগুটি আঞ্চলিক আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৷

জিলাখনৰ পৰা শীঘ্ৰে অপৰাধ নিমূল কৰাৰ হকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জালুগুটি আঞ্চলিক আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ যুটীয়া উদ্যোগত বৃহস্পতিবাৰে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় (AJYCP and GMDJP protest in Morigaon) ৷ লগতে এই সমস্যাসমূহ সমাধানৰ হকে আৰক্ষী অধীক্ষকলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

সংবাদ মাধ্যমৰ আগত এগৰাকী প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে যে, ক্ৰমাৎ জালুগুটি অঞ্চলত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । আনকি দিনক দিনে দ্ৰুতগতিত অঞ্চলটোত চলি থকা অবৈধ বিলাতী আৰু চুলাই মদৰ ঘাটিসমূহ সীপাব ধৰিছে ৷ কিন্তু এই ক্ষেত্ৰত আবকাৰী বিভাগ তথা আৰক্ষী নিমাত বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ছাত্ৰ সংগঠন দুটাই ৷

ইফালে জালুগুটি আৰক্ষীৰ ৰহস্যজনক নিৰ্লিপ্ততাৰৰ বাবেই অঞ্চলটোত অপৰাধৰ মাত্ৰা বাঢ়ি যোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ সংগঠন দুটাৰ সদস্যই ৷ সেয়ে জালুগুটি অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা জোৱা আৰু তীৰ খেলৰ ঘাটিসমূহ অতি শীঘ্ৰে বন্ধ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

একেই সময়তে সংগঠন দুটাই অভিযোগ কৰে যে জালুগুটি অঞ্চলৰ বহু গোপন স্থানত এতিয়া দাইছ খেলৰ বেহাত নামি পৰিছে একাংশ অসাধু চক্ৰ ৷ এই সন্দৰ্ভত বহুবাৰ স্থানীয় লোকে বৰ্তমানৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক অৱগত কৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীয়ে নিৰৱতাহে অৱলম্বন কৰা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ সেয়ে এই সমগ্ৰ বিষয়টো প্ৰতিবাদকাৰীসকলে মৰিগাঁও আৰক্ষী অধীক্ষক পোনপটীয়া হস্তক্ষেপ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই দাবী জনাইছে ৷

লগতে পঢ়ক :Congress protest : আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details