মাজুলী, 1 জুন:মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে বহু পানী বৈ গৈ আছে ৷ একেদৰে ৰাজ্যত ইখনৰ পাচত সিখন চৰকাৰ আহিছে আৰু গৈছে । কিন্তু বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলীয়ে (Majuli) বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ পৰা প্ৰতি বাৰেই যেন বঞ্চিত হৈ ৰৈছে ।
নিৰ্বাচনীৰ বৈতৰণী পাৰ হ’বৰ বাবেই বাৰে বাৰে ৰাজনৈতিক নেতাই হওক বা চৰকাৰেই হওক সহজ সৰল মাজুলীৱাসীক আবেগিক কৰি মাজুলীক (Majuli) বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি প্ৰদানৰ আশ্বাস দি আহিছে ৷ কিন্তু আজিকোপতি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ (world heritage site) হিচাপে স্বীকৃতি লাভ কৰাৰ পৰা যেনে বঞ্চিত হৈ আহিছে মাজুলী (Majuli) ।