মাজুলী, 11 নৱেম্বৰ :শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী শিক্ষকে ৷ ছাত্ৰীক ঘৰতে টিউচন কৰাৰ অচিলাৰে মাজুলীৰ এগৰাকী শিক্ষকে শ্লীলতা হানিৰ অপচেষ্টা কৰে (Molestation case in Majuli) ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ আত্মীয়ই ৷ জানিব পৰা মতে, অভিযুক্ত শিক্ষকগৰাকী হৈছে পকাজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ নাথ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, মাজুলীৰ গড়মূৰ আৰক্ষী চকীৰ অন্তৰ্গত নতুন কমলাবাৰী গাঁৱত বৃহস্পতিবাৰে বিয়লিৰ ভাগত সংঘটিত হয় উক্ত ঘটনাটো ৷ অইন দিনাৰ দৰে পকাজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক দিলীপ নাথে বৃহস্পতিবাৰে বিয়লি টিউচন কৰাৰ উদ্দেশ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈছিল ৷
কিন্তু কোঠাত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত শিক্ষকগৰাকীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীক শ্লীলতা হানিৰ অপচেষ্টা কৰে ৷ তেনেতে ভয়ত বিতত হৈ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দেউতাকৰ কাষলৈ গৈ সকলো কথা বিৱৰি কয় ৷ ফলত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিন্তু সেই সময়তে সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত শিক্ষক দীলিপ নাথে (Teacher allegedly Molest teenager) ৷