মাজুলী,9 মাৰ্চঃমাজুলীত সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্র প্ৰদান । প্ৰাক্তন মন্ত্রী ৰাজীৱ লোচন পেগু আৰু এজেপিৰ শিশুধৰ দলেৰ মনোনয়ন পত্র দাখিল ৷ মাজুলীত মঙলবাৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্র দাখিল কৰে । পুৱা শান্তিপুৰ নামঘৰ আৰু গড়মুৰ নীলকণ্ঠ শিৱ মন্দিৰত পূজা কৰি গড়মুৰ মিনি ষ্টেডিয়ামৰ পৰা ৩ সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র দাখিল কৰে । ইয়াৰ পিছতে গড়মুৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।
মাজুলীত সৰ্বানন্দ সোণোৱালসহ কেইবাজনৰো মনোনয়ন দাখিল
মাজুলীত মঙলবাৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্র দাখিল কৰে । পুৱা শান্তিপুৰ নামঘৰ আৰু গড়মুৰ নীলকণ্ঠ শিৱ মন্দিৰত পূজা কৰি গড়মুৰ মিনি ষ্টেডিয়ামৰ পৰা ৩ সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র দাখিল কৰে সোণোৱালে । ইয়াৰ পিছতে গড়মুৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভা সম্বোধন কৰে ।
সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, ডঃ হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, প্ৰমোদ বড়ো, জিতেন্দ্র সিঙকে ধৰি বহুসংখ্যক নেতা-পালিনেতাই অংশগ্রহণ কৰে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰণজিৎ দাসে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী এতিয়াও ঠিৰাং হোৱা নাই বুলি জনায় । নিৰ্বাচনৰ পাছতহে সংসদীয় কমিটিয়েহে কোন মুখ্যমন্ত্রী হ’ব সিদ্ধান্ত ল’ব বুলি কৈ সৰ্বানন্দ সোণোৱাল যে ২০২১ ৰ নিৰ্বাচনৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী নহয় একপ্ৰকাৰ নিশ্চিত কৰি দিয়ে । ইফালে কংগ্ৰেছ দলৰ হৈ ৰাজীৱ লোচন পেগুৱে আৰু জাতীয় পৰিষদৰ হৈ শিশুধৰ দলে সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র দাখিল কৰে ।