মাজুলী, 29 এপ্ৰিল : অৱশেষত আটক হ’ল সামাজিক মাধ্যমত সত্ৰাধিকাৰক লৈ বিৰূপ মন্তব্য কৰা লখিমপুৰৰ যুৱক নয়নজ্যোতি বৰুৱা ৷ তথ্য অনুসৰি, মাজুলী থানাত 20/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইন মতে 294/500 IPC R/W 67 আইটি এক্ট অনুসৰি ৰুজু কৰা হৈছিল এক গোচৰ । এই গোচৰৰ ভিত্তিতেই মাজুলী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আটক কৰে নয়নজ্যোতি বৰুৱাক (Nayanjyoti Baruah arrested by majuli police) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নয়নজ্যোতি বৰুৱা নামৰ এজন যুৱকে ফেচবুক পোষ্টটোত ড৹ পীতাম্বৰ দেৱ গোস্বামীক গুৰু আসনৰ সম্মুখত বহুৱাই বনোৱা ফটো ব্যৱহাৰ কৰি জনমানসত সত্ৰাধিকাৰগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছিল (Controversial Facebook post against Satradhikar) । লগতে দক্ষিণপাট সত্ৰাধিকাৰগৰাকীক কটু মন্তব্য কৰিছিল নয়নজ্যোতি বৰুৱা নামৰ যুৱকজনে । যাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি ৰাইজৰ ৰোষত পৰিছে এতিয়া নয়নজ্যোতি বৰা নামৰ যুৱকজন ৷
লগতে পঢ়ক :Controversial Facebook post against Satradhikar : মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিবাদী সভা