অসম

assam

Assam Bihu Dance Controversy : বিহুক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ সৰৱ মাজুলী আছু

দিল্লীত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Bihu dance controversy)। তাৰ মাজতে মাজুলী জিলা আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছে জিলা আছুৰ সভাপতিগৰাকীয়ে ।

By

Published : Aug 3, 2022, 12:35 PM IST

Published : Aug 3, 2022, 12:35 PM IST

Assam Bihu Dance Controversy
বিহুক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ সৰৱ মাজুলী আছু

মাজুলী,৩ আগষ্ট :দিল্লীৰ পালামা বিমানবন্দৰত বিহুৰ বিকৃতকৰণ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰতলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি অহাৰ সময়ত অসমৰ বিহু নৃত্যক মঞ্চত প্ৰদৰ্শন কৰি বিকৃতকৰণ কৰাক লৈ সৰৱ দল সংগঠন আৰু সচেতন মহল (Bihu dance controversy)।

ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । এইবাৰ এই বিষয়ক লৈ সৰৱ হৈছে মাজুলী জিলা ছাত্র সন্থা (Majuli AASU reaction on Bihu dance controversy)। জিলা সভাপতি অজিত হাজৰিকাই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে (Reaction on Bihu dance controversy)।

বিহুক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ সৰৱ মাজুলী আছু

মাজুলী জিলা ছাত্র সন্থাৰ সভাপতিগৰাকীয়ে কয় যে বিদেশৰ এগৰাকী ৰাষ্ট্ৰপতিৰ সন্মুখত অসমীয়াৰ বাপতি সাহোন বিহুটিক এনেদৰে বিকৃত ৰূপত উপস্থাপন কৰি কেৱল বিহুকে অপমান কৰা নাই গোটেই অসমীয়া জাতিটোক অপমান কৰিছে । তেওঁ লগতে কয় যে অসমৰ কৃষ্টি শুদ্ধ আৰু সঠিক ৰূপত উপস্থাপন কৰাটো ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দায়িত্ব ।

তেওঁ থকা অৱস্থাত এনেদৰে অসমৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে । আগন্তুক দিনত এনে ঘটনাৰ যাতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ব্যৱস্থা ল'বৰ বাবে আহ্বান জনাই মাজুলী আছুৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :Bihu dance controversy: অসমীয়া জাতিক নিঃশেষৰ পৰিকল্পনা: বিহু সুৰক্ষা সমিতি

ABOUT THE AUTHOR

...view details