মাজুলী,১৯ নৱেম্বৰ :অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী (400th Lachit Divas)। এইবাৰ দেশৰ ৰাজধানী দিল্লীত উদযাপন কৰা হ'ব এই বিশেষ দিৱস । যাৰ বাবে ইতিমধ্যে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । কিন্তু ইয়াৰ মাজতে চৰ্চালৈ আহিছে ৰাজ্যৰ এখন বিশেষ সত্ৰ । য'ত আজিও সংৰক্ষিত হৈ আছে আহোম স্বৰ্গদেউসকলৰ বহু স্মৃতি । সত্ৰখনত আছে লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং । সেই সত্ৰখন হৈছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ (Historical Auniati Satra)।
উল্লেখ্য যে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ ১৬৫৩ চনতে প্ৰতিষ্ঠা হৈছিল । সেই সময়ত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল এই সত্ৰখন । স্বৰ্গদেউ জয়ধ্বজ সিংহই ঐতিহাসিক সত্ৰখনক যি ধৰণে ৰজাঘৰীয়া পৃষ্ঠপোষকতা দিলে সেই পৰিৱেশতেই ঐতিহাসিক সত্ৰখন চলি আহিছে বুলি কোৱা হয় ।
তেতিয়াই সত্ৰখনলৈ ৰজাই মাটি-বাৰী, সা-সম্পত্তি আগবঢ়াইছিল । সেই পৰম্পৰা অনুসৰি সত্ৰখনলৈ পাছৰ স্বৰ্গদেউ বা ৰজাসকলেও বিভিন্ন ধৰণৰ সা-সম্পত্তি প্ৰদান কৰি আহিছে ।