মাজুলী, ৪ জুন :শনিবাৰে শনি লাগিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (SI Jonmoni Rabha in trouble) ৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছআই জোনমণি ৰাভা ৷ বিগত তিনি দিন ধৰি চলোৱা জেৰাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক (Arrested SI Junmoni Rabha) ৷
তথ্য অনুসৰি, বৃহস্পতিবাৰৰ পৰা মাজুলী আৰক্ষীয়ে জেৰা চলাই আছিল আৰক্ষী বিষয়াগৰাকীক ৷ ভাবী স্বামী ৰাণা প’গাগৰ প্ৰৱঞ্চনাৰ ন ন তথ্য ৰাজহুৱা কৰি আইনৰ মেৰপাকলৈ আনিছিল আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ আৰক্ষী বিষয়াগৰাকীৰ এই পদক্ষেপক সকলোৱে বাঃ বাঃ জনাইছিল ৷ কিন্তু দশা বেয়া আছিল আৰক্ষী বিষয়াগৰাকীৰ ৷
যি অজুহাত লৈ ভাবী স্বামীক গ্ৰেপ্তাৰ কৰাইছিল, সেই একে অভিযোগৰ আধাৰতে শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এছআই জোনমণি ৰাভাক ৷ উল্লেখ্য যে, শেহতীয়াকৈ প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাক তলব কৰিছিল মাজুলীৰ গড়মূৰ আৰক্ষীয়ে । বিগত দুদিন ধৰি মাৰাথন জেৰা চলোৱা হৈছে আৰক্ষী বিষয়াগৰাকীক ।