অসম

assam

ETV Bharat / state

মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয় - Floating boat

৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয় । মাজুলী শালমৰা শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই নৌকা চিকিৎসালয় খন । এই চিকিৎসালয়খনে চৰ-চাপৰিকে ধৰি দূৰ্গম অঞ্চলত বসবাস কৰা লোকৰ বাবে হ’ব অধিক সহায়ক ।

মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয়
মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয়

By

Published : Jun 3, 2021, 10:45 AM IST

Updated : Jun 3, 2021, 1:09 PM IST

মাজুলী,3 জুন: মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমান চিকিৎসালয় । গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দূৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয়খন । এখন চৰকাৰী চিকিৎসালয়ত থকা সকলো সুবিধা থাকিব এই নৌকা চিকিৎসালয়ত ।

প্ৰাপ্ত তথ্য অনুসৰি, ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয় খন ৫ মাহ ১০ দিনত মাজুলীৰ শালমৰাৰ শিল্পীয়ে নিখুঁত ভাৱে নিৰ্মান কৰি উলিয়াইছে । বেংগেলুৰুৰ কৰুণা ট্ৰাষ্ট্ৰ নামৰ এনজিঅ’ এটাই সম্পূৰ্ণ বিনামূলীয়াকৈ দূৰ্গম চৰাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে উৎসগিত কৰিব এই নৌকা চিকিৎসালয়খন ৷ জীৱন দায়ীনিৰ ৰূপত চৰবাসীৰ মাজত থাকিব এই নৌকা চিকিৎসালয়খন ।

মাজুলীত নিৰ্মাণ হৈছে ভ্ৰাম্যমান নৌকা চিকিৎসালয়

মাজুলীৰ সমাজকৰ্মী ধ্ৰুৱ গোস্বামীৰ পৰিচালনাত নিৰ্মাণ হোৱা দুই মহলীয়া নৌকা চিকিৎসালয় খনত ৯ টাকৈ কোঠা আছে । দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুটৰ এই চিকিৎসালয়খনত আছে চিকিৎসকৰ কোঠা, প্ৰসূতিৰ বিশেষ কক্ষ, অ পি ডি ,লেবাৰ কক্ষ, নাৰ্চৰ কক্ষ, লেবৰেটৰী কক্ষ, ফাৰ্মাচি কক্ষ, শীত-তাপ নিয়ন্ত্ৰিত কক্ষ, কৰ্মচাৰী কক্ষ, দুটাকৈ শৌচাগাৰ, এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা, অত্যাধুনিক ইঞ্জিনযুক্ত এখন বিশেষ নৌকা ।

চৰকাৰী চিকিৎসালয়ৰ দৰেই সকলো সুবিধা লাভ কৰিব এইখন ভাম্যমান চিকিৎসালয়ত । বছৰ বছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা দৰিদ্ৰ তথা দূৰ্গম অঞ্চলৰ ৰোগী তথা প্ৰসূতিৰ বাবে সঞ্জিৱনী হ’ব এইখন নৌকা চিকিৎসালয় । বুধবাৰে মাজুলীৰ পৰা গহপুৰলৈ নিয়া হৈছে এই চিকিৎসালয় । ৰাজ্যৰ সচেতন মহলে ইয়াক নৱ যুগৰ এক আৰম্ভণি বুলি অভিহিত কৰিছে এই ভ্ৰাম্যমান চিকিৎসালয়খনক ৷

লগতে পঢ়ক:চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

Last Updated : Jun 3, 2021, 1:09 PM IST

ABOUT THE AUTHOR

...view details