অসম

assam

By

Published : Mar 15, 2021, 11:27 AM IST

ETV Bharat / state

মাজুলীত ঘৰে-ঘৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ

বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুয়ে মাজুলীৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ মানুহৰ ওচৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ প্ৰচাৰ অভিযানৰ সময়ত পেগুক সংগ দিয়ে মাজুলীৰ কংগ্ৰেছ দলৰ কৰ্মী সকলে ৷

মাজুলীত ঘৰে-ঘৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ
মাজুলীত ঘৰে-ঘৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ

মাজুলী,15মাৰ্চ: বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে প্ৰতিটো দল-সংগঠন, ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বহু হাই প্ৰফাইল নেতাৰো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে অসমলৈ আগমন ঘটিছে ৷ ইয়াৰ সমান্তৰালকৈ মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে গাঁৱে-গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

মাজুলীত ঘৰে-ঘৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৯৯নং মাজুলী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । মাজুলী আৰু উজনি মাজুলী দুটা উন্নয়ন খণ্ডত ২০খন গাঁও পঞ্চায়তৰ প্ৰতি খন গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজীব লোচন পেগুৱে । ৰাজীৱ লোচন পেগুক প্ৰচাৰ অভিযানৰ সময়ত সংগ দিছে মাজুলীপ কংগ্ৰেছ দলৰ কৰ্মী সকলে ।

ভোটাৰৰ মন জয় কৰিবলৈ মাজুলীৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ মাজুলীত মিত্ৰজোঁটৰ লগত যুঁজ দিবলৈ ব্যাপক প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীব লোচন পেগুৱে । কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ বাবে হাতৰ চিনত ভোটদান দিবলৈ আহ্বান জনায় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । এইবাৰ নিৰ্বাচনত বৃহৎ ৰেলী, সমদল, নিৰ্বাচনী সভাৰ বিপৰীতে ভোটাৰৰ ঘৰে-ঘৰে গৈ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷ ৰাজীৱ লোচন পেগুয়ে প্ৰচাৰ অভিযানৰ সময়ত যোৰহাট-মাজুলী সংযোগী দলং বিজেপিৰ মিছা প্ৰতিশ্ৰুতি বুলি মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

ABOUT THE AUTHOR

...view details