অসম

assam

ETV Bharat / state

নাওবৈচাত নৱ সঞ্জীৱনীৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

লখিমপুৰৰ নাওবৈচাত নৱ সঞ্জীৱনীৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷ অনুষ্ঠানটোত সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধ, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতাৰে পঢ়া-শুনা কৰি ভৱিষ্যত দিনত আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

By

Published : Nov 16, 2020, 6:15 PM IST

special felicitation program in nowboicha
নাওবৈচাত নৱ সঞ্জীৱনী উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নাওবৈচা, ১৬ নৱেম্বৰ: নাওবৈচাৰ সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী সংগঠন নৱ সঞ্জীৱনীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নাওবৈচা সমষ্টিৰ ভিতৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্ব শাসিত) অধ্যক্ষ ড৹ বিমান চেতিয়াই অনুষ্ঠানটো উদ্বোধন কৰি কয় যে, বৰ্তমান সময়ত খোজত খোজ মিলাই আগবাঢ়ি গ’লেহে জীৱনত সফলতা লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগবাঢ়ি যাবলৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই গোলকীয় দক্ষতা লাভ কৰিব লাগিব বুলিও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।

অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কাকতিয়ে কৃতিমান ছাত্ৰ- ছাত্ৰীসকলক মূল্যবোধ, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতাৰে পঢ়া-শুনা কৰি ভৱিষ্যত দিনত আগবাঢ়ি যাবলৈ আহ্বান জনায় । সভাখনত এল টি কে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক কন্দৰ্প চমুৱা, দেৱব্ৰত শৰ্মা, গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ অভিজিৎ বৰা, প্ৰাক্তন অধ্যক্ষ টিলেশ্বৰ শইকীয়া আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায় । আনহাতে নাওবৈচা সমষ্টিৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা মানৱ প্ৰতিম শৰ্মাক লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্ব শাসিত) অধ্যক্ষ ড৹ বিমান চেতিয়াই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ।

নাওবৈচাত নৱ সঞ্জীৱনী উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নৱ সঞ্জীৱনীৰ সভাপতি গংগাজ্যোতি টায়েগামে আঁত ধৰা অনুষ্ঠানটোত নাওবৈচা সমষ্টিৰ অন্তৰ্গত ১৬৩ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয় । উল্লেখ্য যে, স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত 12 বছৰে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক উদগনি জনোৱাৰ বাবে অভিনন্দন অনুষ্ঠান আয়োজন কৰি অহাৰ লগতে নাওবৈচা সমষ্টিৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত আৰ্থিকভাৱেও সহায় কৰি আহিছে ।

লগতে পঢ়ক: বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপিৰ দালাল

ABOUT THE AUTHOR

...view details