অসম

assam

ETV Bharat / state

ঢকুৱাখনাত সোণোৱাল কছাৰীসকলৰ বিহু উদযাপন

গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক আদৰণি জনায়, এসপ্তাহৰ পিছত বহুৱাক পুনৰ নৈ পাৰত বিহু নাচি-বাগি বিদায় দি পৰম্পৰা ৰক্ষা কৰে সোণোৱাল কছাৰী লোকসকলে

ঢকুৱাখনাত সোণোৱাল কছাৰীৰ বিহু উদযাপন

By

Published : Apr 16, 2019, 1:14 PM IST

লখিমপুৰ,16 এপ্ৰিলঃ লখিমপুৰ ঢকুৱাখনাৰ গৰু খুঁটি গাঁৱত সোনোৱাল কছাৰীৰ সকলৰ বিহু উদযাপন ৷ বহুৱা নৃত্য-গীত পৰম্পৰাৰে উদযাপন কৰিলে সোণোৱাল কছাৰীসকলৰ বিহু ৷

ঢকুৱাখনাত সোণোৱাল কছাৰীৰ বিহু উদযাপন

উল্লেখযোগ্য যে, সোণোৱাল কছাৰীৰ নিয়ম অনুসৰি হাবি-জংঘলৰ পৰা বহুৱাক আদৰণি জনোৱাৰ পিছত এক সপ্তাহ গাঁৱৰ ঘৰে ঘৰে এই বহুৱা নৃত্য-গীতেৰে ৰঙ-ধেমালি কৰে, সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে ৷ তাৰোপৰি গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক আদৰণি জনায়, এসপ্তাহৰ পিছত বহুৱাক পুনৰ নৈৰ পাৰত বিহু নাচি-বাগি বিদায় দিয়ে সোনোৱাল কছাৰীসকলে ৷ এই পৰম্পৰা ৰক্ষা কৰি ৰঙালীক আদৰিলে ঢকুৱাখনাৰ গৰু খুঁটি গাৱঁৰ সোনোৱাল কছাৰী লোকসকলে। এই অনুষ্ঠানত ডেকা-বুঢ়া সকলোৱে আনন্দ উলাহৰ মাজেৰে বিহুটি উদযাপন কৰে ৷

ABOUT THE AUTHOR

...view details