অসম

assam

By

Published : Aug 7, 2020, 4:59 PM IST

ETV Bharat / state

খহনীয়া ৰোধৰ বাবে ৰোপন কৰা গছপুলি কাটি তহিলং দুষ্কৃতিকাৰীৰ

লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে ৰোপন কৰা গছপুলি দুষ্ট চক্ৰই গোপনে নষ্ট কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন বিভাগ তথা আৰক্ষীক বিষয়টো অৱগত কৰি দোষীক শাস্তি বিহাৰ দাবী উখাপন কৰিছে ৰাইজে ৷

Soil Erosion Caused By Dikhong River In Lakhimpur district
ডিক্ৰং নদীৰ খহনীয়া ৰোধৰ বাবে ৰোপন কৰা গছপুলি কাটি তহিলং দুষ্টচক্ৰৰ

লখিমপুৰ, 7 আগষ্ট : ৰাজ্যত বানপানীৰ সমান্তৰালভাবে অব্যাহত আছে গৰাখহনীয়া ৷ ইতিমধ্যে, গৰাখহনীয়াত জাহ গৈছে ৰাইজৰ কৃষিভূমি, ভেঁটি-মাটি সকলো ৷ চৰকাৰে গৰাখহনীয়া ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও ৰোধ কৰিব পৰা নাই গৰাখহনীয়া ৷ চৰকাৰৰ সমান্তৰালভাবে ৰাজ্য়ৰ সচেতন ৰাইজেও গৰাখহনীয়া ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

ডিক্ৰং নদীৰ খহনীয়া ৰোধৰ বাবে ৰোপন কৰা গছপুলি কাটি তহিলং দুষ্টচক্ৰৰ

লখিমপুৰ জিলাতো গৰাখহনীয়াই এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে ৷ ডিক্ৰং নদীৰ গৰাখহনীয়াই অঞ্চলবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ অঞ্চলবাসী ৰাইজে গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে জিলাখনৰ মেনেহা ডিক্ৰং ভুুমি সংৰক্ষন এলেকাত স্থানীয় ডিক্ৰংপৰীয়া মিলিজুলি পথাৰ পৰিচালনা সমিতিয়ে ৰোপন কৰিছিল মুল্যবান গছপুলি । আনকি, ডিক্ৰংপৰীয়া মিলিজুলি পথাৰ পৰিচালনা সমিতিৰ এই পদক্ষেপক আদৰণি জনাইছিল স্থানীয় 5 খন গাঁৱৰ ৰাইজে ৷

ডিক্ৰং নদীৰ খহনীয়া ৰোধৰ বাবে ৰোপন কৰা গছপুলি কাটি তহিলং দুষ্টচক্ৰৰ

কিন্তু, তেওঁলোকে ৰোপন কৰা গছপুলি সমূহ বৃহস্পতিবাৰৰ নিশা দুষ্টচক্ৰই গোপনে গছপুলি সমূহ উভালি পেলোৱাৰ ঘটনাই অঞ্চলজুৰি সচেতন মহলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তেওঁলোকে ৰোপন কৰা গছপুলিসমূহ উভালি দিয়াৰ লগতে গছপুলিৰ চাৰিওফালে দিয়া বেৰসমূহ নষ্ট কৰি দিয়া বুলিও জানিব পৰা গৈছে ৷

ডিক্ৰং নদীৰ খহনীয়া ৰোধৰ বাবে ৰোপন কৰা গছপুলি কাটি তহিলং দুষ্টচক্ৰৰ

আনহাতে, এই ঘটনাৰ পিচত স্থানীয় ৰাইজে আৰক্ষী তথা বন বিভাগক বিষয়টো অৱগত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী উখাপন কৰিছে ৷ যিসময়ত সেউজী ধৰণী গঢ়াৰ স্বাৰ্থত নৈপৰীয়া ৰাইজে মূৰৰ ঘাম মাটিত পেলাই গছপুলি সমূহ ৰোপন কৰিছিল, সেই সময়তে দুষ্কৃতিকাৰীৰ এনে কৰ্মকাণ্ডত জাঙুৰ খাই উঠিছে অঞ্চলবাসীৰ লগতে স্থানীয় দল সংগঠনে ৷

লগতে পঢ়ক :কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগঃআৰক্ষীয়ে জব্দ কৰিলে শিলৰ মহল

ABOUT THE AUTHOR

...view details