অসম

assam

ETV Bharat / state

BJP চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ দলৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বিশাল আয়োজন(Assam Government led by Himanta Biswa Sarma completes one year) । কিন্তু এবছৰৰ উন্নয়ণৰ নামত দিলে ৰাজ্যৰ জনতাক ? অত্য়াৱশ্যকীয় সামগ্ৰীৰ হোৰাহোৰে বাঢ়ি অহা মূল্যই কঁকাল বেকা কৰিছে সাধাৰণ ৰাাইজৰ । সেয়ে প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ৰাইজৰ দলৰ নেতা-কৰ্মী (Raijor Dal stage protest in Lakhimpur) ।

By

Published : May 10, 2022, 9:22 PM IST

raijor dol protest against price hike in lakhimpur
চৰকাৰৰ বৰ্ষ পুৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ দলৰ

লখিমপুৰ,১০ মে':হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ(Assam Government led by Himanta Biswa Sarma completes one year) । এটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰিছে আড়ম্বৰপূৰ্ণ অনুষ্ঠান । ইফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে বিপাঙত পেলাইছে জনতাক । বহু আলোচনা বিলোচনাৰ অন্তটো কমা নাই দাম । সেয়ে বৰ্ষপূৰ্তিৰ দিনাই প্ৰতিবাদত বহিল ৰাইজৰ দলৰ নেতা-কৰ্মী ।

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে ৰাইজৰ দলে । মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দলটোৱে চৰকাৰক তীব্র সমালোচনা কৰে (Raijor Dal stage protest against price hike) । মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল কৰে আকাশ বতাহ ।

চৰকাৰৰ বৰ্ষ পুৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ দলৰ

মিথ্যাচাৰেৰে চৰকাৰ গঠন কৰি জনসাধাৰণক মূল্য বৃদ্ধিৰে মাধমাৰ শোধাইছে বুলি কেন্দ্র আৰু ৰাজ্য চৰকাৰক ককৰ্থনা কৰে ৰাইজৰ দলৰ প্ৰতিবাকাৰী সকলে । মূল্য বৃদ্ধিৰে জনসাধাৰণক জীয়াতু ভুগিবলৈ বাধ্য কৰোৱা চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে প্ৰৱল সংগ্রাম কৰিবলৈ সকলো ৰাইজক ওলাই অহাৰ আহ্বান জনাই ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰী এজন খিলাড়ী মানুহ, কেজৰিৱাল এজন চাফ-চিকুণ লোক: নৱ শৰণীয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details