অসম

assam

ETV Bharat / state

ৰাম মন্দিৰ নিৰ্মাণ: নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি - অৰ্থ সংগ্ৰহৰ কাৰ্যালয়

বৃহস্পতিবাৰে নাৰায়ণপুৰত ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ কাৰ্যালয় মুকলি ৷ কাৰ্যালয়টোৰ জৰিয়তে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভক্তৰ পৰা ধন সংগ্ৰহ কৰা আৰু জনসম্পৰ্ক গঢ়ি তোলা হ’ব বুলি উদ্যোক্তাসকলে মন্তব্য কৰে ৷

money collect office
নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি

By

Published : Jan 15, 2021, 10:07 AM IST

বিহপুৰীয়া,15 জানুৱাৰী : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বৃহস্পতিবাৰে ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ এটা কাৰ্যালয় মুকলি কৰা হয় । ৰাম মন্দিৰ নিৰ্মাণ সমৰ্পণ অভিযানৰ নাৰায়ণপুৰ খণ্ডৰ উদ্যোগত নগৰৰ মাজমজিয়াত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কাৰ্যালয়টো মুকলি কৰে শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।

কাৰ্যালয় মুকলিৰ পাচতে অনুষ্ঠিত হোৱা এখন সভাত ৰাষ্ট্ৰীয় স্বয়ম সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহ অভিযান প্ৰমুখ কেশৱ ভূঞা, স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকা আৰু নাৰায়ণপুৰ খণ্ডৰ সভাপতি হৰিশ চন্দকে বক্তব্য প্ৰদান কৰে ।

নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি

নাৰায়ণপুৰ খণ্ডৰ সম্পাদক মনোজ বৰুৱাই আঁতধৰা কাৰ্যালয় মুকলি সভাখনত বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী, বিজেপি নেতা হেমন্ত নেওগ, ৰাজীৱ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শৰ্মা, শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সমৰ্পণ অভিযানৰ লখিমপুৰ জিলা প্ৰমূখ লীলা গগৈকে ধৰি বহু লোক উপস্থিত থাকে ।

আনহাতে এই কাৰ্যালয়টোৰ জৰিয়তে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাম ভক্তসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰাৰ লগতে জনসম্পৰ্ক গঢ়ি তোলা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :ধিং টাউনত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details