বিহপুৰীয়া, 24 জানুৱাৰী :জীৱন নাটৰ যৱনিকা পেলাই অচিন দেশলৈ গুছি গ'ল বিশিষ্ট নাট্যকাৰ তথা 2019 চনৰ ভ্ৰাম্যমান বঁটা প্ৰাপক সেৱাব্ৰত বৰুৱা ৷
দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বিশিষ্ট নাট্যকাৰ গৰাকীৰ দেওবাৰে পুৱা 5:30 বজাত দেহাৱসান ঘটে ৷
গৃহ চহৰত মিলু দাৰ নশ্বৰদেহ বৰ্তমান গৃহভূমিত উপস্থিত সেৱাব্ৰত বৰুৱাৰ নশ্বৰদেহ৷ নাৰায়ণপুৰৰ মাজমজিয়াত উপস্থিত হোৱাৰ লগে লগে বিশিষ্ট নাট্যকাৰজনক সন্ধিয়া শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় নাৰায়ণপুৰত ৷
আজি পুৱা বৃক্কজনিত ৰোগত মৃত্যক সাৱটি লোৱা গৃহাভিমুখী জ্যেষ্ঠ নাট্যকাৰজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় নাৰায়ণপুৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে৷আনহাতে বিহপুৰীয়াতো বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰখ্যাত নাট্যকাৰগৰাকীক ৷
লগতে পঢ়ক:73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও