বিহপুৰীয়া, ২৫ জুন: লখিমপুৰ জিলাৰ বিহপুৰীয়াত শনিবাৰে সংঘটিত হ’ল এক ভয়ংকৰ নাও দূৰ্ঘটনা (Boat accident in Dikrong river in Bihpuria) । ভৰা ডিক্ৰং নদীত ডুবি যায় ছাত্ৰ-ছাত্ৰী কঢ়িওৱা নাওখন ৷ এখন টুলুঙা নাঁৱত 18 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক উঠোৱাৰ পাছতে সংঘটিত হয় দুৰ্ঘটনাটো ৷
বিহপুৰীয়াৰ বান্দৰচুকৰ দেৱেচুথান জনজাতি হাইস্কুলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰমূৱা হোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বধনা অনুস্থানৰ বাবে গৈছিল একাংশ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০-৩০ বজাৰ পৰা সভাত অংশগ্ৰহণ কৰি বান্দৰচুকৰ পৰা ১ নং আৰু ২ নং দহঘৰীয়ালৈ ডিক্ৰং নদী পাৰ হৈ নাৱেৰে যোৱাৰ বাবে সাজু হৈছিল ৷
সেই সময়তে ডিক্ৰং নদীৰ প্ৰৱল সোঁত আৰু ভৰা নদীকো নেওচি ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰৰ ১8 গৰাকী ছাত্ৰ-ছাত্ৰী নাওখনত উঠি যাবলৈ লওতেই প্ৰবল সোঁতে উটুৱাই নিয়ে নাওখন ৷ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হুলস্থুল লাগে আৰু চকুৰ প্ৰচাৰতে নাওখন ডুবি যায় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হোৱাৰ বিপৰীতে সাতুৰিব নজনা ছাত্ৰীসকলক একাংশ ছাত্ৰই নদীৰ পাৰলৈ উঠাই আনিবলৈ সক্ষম হয় (Students carrying boat accident at Bihpuria) ৷