অসম

assam

By

Published : Mar 25, 2021, 10:05 PM IST

ETV Bharat / state

কাৰ পক্ষত লখিমপুৰৰ-নাওবৈছাৰ ভোটাৰ ?

বহু সমস্যাৰে জৰ্জৰিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰৰ সদৰ আৰু নাওবৈছা সমষ্টিৰ ভোটাৰ ৷ বছৰৰ প্ৰতিটো বানত বিধ্বস্ত এই দুটা সমষ্টিৰ ভোটাৰে প্ৰতি বছৰে নিৰ্বাচিত কৰি পঠোৱা জন প্ৰতিনিধিয়ে সমষ্টিক সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে ৷

কাৰ পক্ষত থাকি লখিমপুৰৰ বিশেষ দুটাকৈ সমষ্টিৰ ভোটাৰ...
কাৰ পক্ষত থাকি লখিমপুৰৰ বিশেষ দুটাকৈ সমষ্টিৰ ভোটাৰ...

তেজপুৰ,২৫ মাৰ্চ:অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন । বহু সমস্যাৰে জৰ্জৰিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ সদৰ আৰু নাওবৈছা সমষ্টিৰ ভোটাৰ ৷ বছৰৰ প্ৰতিটো বানত বিধ্বস্ত এই দুটা সমষ্টিৰ ভোটাৰে প্ৰতি বছৰে নিৰ্বাচিত কৰি পঠোৱা জন প্ৰতিনিধিয়ে সমষ্টিক সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে ৷

নাওবৈছা সমষ্টিৰ প্ৰায় সৰহ সংখ্যক জন সাধাৰণৰ মাজত থকা সমস্যা হৈছে ৰঙানদীৰ পৰা অহা বাঢ়নী পানী । বিগত 2000 চনত অৰুণাচল প্ৰদেশত স্থাপন কৰা ৰঙানদী বান্ধৰ বাঢ়নী পানীয়ে 2002 চনৰ পৰা লখিমপুৰ জিলাৰ নামনি অংশত থকা লোকক জুৰুলা কৰি আহিছে ।

কাৰ পক্ষত থাকি লখিমপুৰৰ বিশেষ দুটাকৈ সমষ্টিৰ ভোটাৰ...

কিন্তু প্ৰতি পাঁচ বছৰে চৰকাৰ সলনি হৈ আছে অথচ সলনি হোৱা নাই সমষ্টি কেইটাৰ লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী । বহু ঠাইত আজিকোপতি যাতায়াতৰ সু-ব্যৱস্থা নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ গতিকে এনে পৰিস্থিতিত এই নিৰ্বাচনত সমষ্টি কেইটাৰ বাবে কোনজন প্ৰাৰ্থীক আস্থাত ল'ব সেয়া লক্ষণীয় হৈ পৰিছে ৷

লগতে পঢ়ক: প্ৰাক্তন কংগ্ৰেছ নেতা ৰঞ্জন বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details