অসম

assam

ETV Bharat / state

লখিমপুৰত ছোৱাইন ফিভাৰত মৃত্য়ু 200ৰো অধিক গাহৰিৰ

বিগত ১০/১৫ দিনত লখিমপুৰ জিলাৰ বগিনদী,নাৰায়ণপুৰ,লালুক আদি অঞ্চল সমূহত জ্বৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কেইবা শ পোহনীয়া গাহৰি ৷ পশু চিকিৎসা বিভাগে এই ৰোগবিধক ‘ছোৱাইন ফিভাৰ’ বুলি চিনাক্ত কৰিছে ৷

Lakhimpur Swine fever
লখিমপুৰত ছোৱাইন ফিভাৰত মৃত্য়ু 200ৰো অধিক গাহৰিৰ

By

Published : Apr 21, 2020, 4:03 PM IST

লখিমপুৰ,21 এপ্ৰিলঃ লখিমপুৰ জলাৰ গ্ৰামাঞ্চলত জ্বৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে শ শ গাহৰি ৷ ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে জিলাখনৰ গ্ৰামাঞ্চলৰ গাহৰি পালকসকল ৷ বিগত ১০/১৫ দিনত লখিমপুৰ জিলাৰ বগিনদী,নাৰায়ণপুৰ,লালুক আদি অঞ্চল সমূহতত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কেইবাশ পোহনীয়া গাহৰি ৷ পশু চিকিৎসা বিভাগে এই ৰোগবিধক‘ছোৱাইন ফিভাৰ’ বুলি চিনাক্ত কৰিছে ৷

লখিমপুৰত ছোৱাইন ফিভাৰত মৃত্য়ু 200ৰো অধিক গাহৰিৰ

ইতিমধ্যে পশু চিকিৎসা বিভাগে গাহৰিসমূহক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে ৷ লগতে ঘৰে ঘৰে গৈ ৰোগবিধ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে ৷ আনহাতে, সোমবাৰে লখিমপুৰত উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত অতি শীঘ্ৰেই এই সন্দৰ্ভত ৰাজ্যিক পশুপালন মন্ত্ৰী অতুল বৰাক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক-লক ডাউনঃ ৰাজ্যত জব্দ ১৫ হাজাৰতকৈও অধিক আইন ভংগকাৰী বাহন, গ্ৰেপ্তাৰ ১,৯০৬ গৰাকী লোক

ABOUT THE AUTHOR

...view details