লখিমপুৰ, ৯ নৱেম্বৰ :গুমৰাগ নৃত্যত মুখৰ হৈ পৰিল লখিমপুৰৰ ঘুনাসূতি ক’পাক চাপৰি । লখিমপুৰৰ ঐতিহাসিক ঘুনাসূতিৰ নামনি অঞ্চলৰ ক’পাক চাপৰি মুখৰ হৈ উঠিল গুমাৰাগৰ ধ্বনিত । উচ্ছল পৰিৱেশ সৃষ্টি হ’ল ছাত্ৰ-ছাত্ৰীৰ নৃত্য গীতত ।
বুধবাৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীৰ সহযোগে পৰিৱেশটো অধিক প্ৰাণোচ্ছল কৰি তোলে । এখন বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে আয়োজিত লাইখুটা স্থাপন অনুষ্ঠানক কেন্দ্ৰ কৰি বুধবাৰে এই পৰিৱেশ সৃষ্টি হয় লখিমপুৰৰ ঘুনাসূতি ৷
উল্লেখ্য যে, ১৯৭২ চনত স্থাপন কৰা এই ক’পাক চাপৰি মজলীয়া বিদ্যালয়খনে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে বুধাবাৰে লাইখুটা স্থাপন কৰা হয় ৷ তথ্য অনুসৰি, আগন্তুক ডিচেম্বৰ মাহৰ ১৮ আৰু ১৯ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ কৰিব ক’পাক চাপৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ ।