লখিমপুৰ, 22 জুন:প্ৰৱল বানৰ কবলত আছে লখিমপুৰ জিলা ৷ চৌদিশে কেৱল বানৰ ধ্বংসলীলা ৷ বহু অঞ্চলত মাটি দেখিবলৈ নাই ৷ চৌদিশে কেৱল অথাই সাগৰ সদৃশ পৰিবেশ ৷ এনে পৰিবেশত পানীৰ মাজতে মৃতকৰ তিলনি পাতিব লগীয়া হোৱা এক কৰুণ দৃশ্যই সকলোৰে মন সেমেকাই তুলিছে ৷
লখিমপুৰৰ চৌদিশে এতিয়া কেৱল বানৰ চিৰপৰিচিত দৃশ্যপট ৷ প্ৰৱল বানৰ কবলত পৰা জিলাখনৰ বিভিন্ন অঞ্চল বেয়াকৈ বানত ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ বহু অঞ্চলত চৌদিশে কেৱল পানী আৰু পানী ৷ মৃতকৰ তিলনি পাতিবলৈও মাটি অকণ নাই ৷ যাৰ বাবে নাওবৈচাত শিঙৰা নদীৰ সংহাৰী বানৰ মাজতে পানীৰ ওপৰতে মৃতকৰ তিলনি পাতিলে এটা পৰিয়ালে ৷ এই কৰুণ দৃশ্যই এতিয়া সকলোৰে মন সেমেকাই তুলিছে ৷
উল্লেখযোগ্য যে, যোৱা 15 জুনত শিঙৰা নদীৰ পানীয়ে ডুবাই ৰখা নিজ গৃহ চাবলৈ আহি মৃত্যু মুখত পৰে নাওবৈচাৰ শ'লমৰীয়া গাঁৱৰ খগেন শইকীয়া নামৰ লোক জন ৷ দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী খগেন শইকীয়া লখিমপুৰ হিন্দু গাঁৱৰ এটা বিস্কুট ফেক্টৰীত কাম কৰি আছিল ৷ নিজৰ অঞ্চলত বান হোৱা বুলি শুনি পৰিয়ালটোৰ ওচৰলৈ তেওঁ ঢপলিয়াই আহিছিল ৷ পিছে তেওঁৰ বাবে সেয়াই কাল হল ৷