অসম

assam

ETV Bharat / state

লখিমপুৰত গঢ়ি উঠিছে নিষিদ্ধ ব্যৱসায়ৰ সাম্ৰাজ্য

সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবিখন ৷ শেহতীয়াকৈ লখিমপুৰতো এনে নিষিদ্ধ দ্ৰব্যৰ কবলত পৰি অঞ্চলটোৰ উঠি অহা প্ৰজন্ম বিপথগামী হৈ পৰা পৰিলক্ষিত হৈছে ।

লখিমপুৰত নিষিদ্ধ সাম্ৰাজ্য: মদ ভাং ড্ৰাগছ জুৱাৰ মুকলি বেহা
লখিমপুৰত নিষিদ্ধ সাম্ৰাজ্য: মদ ভাং ড্ৰাগছ জুৱাৰ মুকলি বেহা

By

Published : Jul 24, 2021, 9:25 PM IST

লখিমপুৰ, 24 জুলাই :লখিমপুৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ চাপৰি গাঁও অঞ্চলটো এতিয়া এখন নিষিদ্ধ সামগ্ৰীৰ সাম্ৰাজ্যত পৰিণত হৈছে । এনে নিষিদ্ধ দ্ৰব্যৰ কৱলত পৰি অঞ্চলটোৰ উঠি অহা প্ৰজন্ম বিপথগামী হৈ পৰা পৰিলক্ষিত হৈছে । লখিমপুৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ চাপৰি গাঁৱত গঢ়ি উঠা এইখন নিষিদ্ধ সাম্ৰাজ্যই বহুতো নৱ প্ৰজন্মৰ কিশোৰ চেমনীয়াক বিপথগামী কৰি পেলাইছে।

সাধাৰণ বজাৰৰ দৰে অসামাজিক কাৰ্যৰ মুকলি বজাৰ অঞ্চলটোৰ এক চিৰ পৰিচিত দৃশ্য হৈ পৰিছে । নগৰৰ খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত এই অঞ্চলত নিষিদ্ধ বেহাই সামগ্ৰিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে । এনে বেহা ৰোধত আৰক্ষীয়ে কোনো শক্তিশালী ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ।

লখিমপুৰত নিষিদ্ধ সাম্ৰাজ্য: মদ ভাং ড্ৰাগছ জুৱাৰ মুকলি বেহা

এইখন সাম্ৰাজ্য পৰিচালনাৰ নেতৃত্বত আছে অঞ্চলটোৰ কেইবাজনো শক্তিশালী লোক। তেওঁলোকে অবৈধভাৱে চলাই গৈছে এইখন সমাজ ধ্বংসী সাম্ৰাজ্য । মদ-জুৱা-ড্ৰাগছৰ কৱলত পৰি অঞ্চলটোৰ বহু কিশোৰ চেমনীয়া বিপথে পৰিচালিত হৈছে । ইয়াৰ উপৰি লিপ্ত হৈছে চুৰি ডকাইতিৰ দৰে জঘন্য কাৰ্য্যত।

এনে কাৰ্য্যত অতিষ্ঠ হৈ অঞ্চলটোৰ একাংশ সচেতন যুৱকে এনে অসামাজিক কাৰ্যৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে। কিন্তু অসাধু চক্ৰই তেওলোকক অপদস্থ কৰাই নহয় প্ৰাণ নাশৰো ভাবুকি দিছে। উপায়ন্তৰ হোৱা যুৱক সকলে শুকুৰবাৰে এই সন্দৰ্ভত জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে । ৰাজ্যজুৰি মদ-ভাং-ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি অহা আৰক্ষী বিভাগে লখিমপুৰৰ চাপৰি গাঁৱৰ এই নিষিদ্ধ সাম্ৰাজ্যখনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবি ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ লগতে ড্ৰাগছৰ বেহাত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে আৰক্ষী-প্ৰশাসন সৰৱ হোৱাৰ বাবে ড্ৰাগছ নাপাই বহু যুৱকে ঘৰুৱা সা-সম্পত্তি ধ্বংস কৰাৰ লগতে অন্য কিছুসংখ্যকে চুৰিকাৰ্যত নমা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছৰ এই ভয়াৱহ ছবিত যুৱ-প্ৰজন্মও জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ড্ৰাগছে গ্ৰাস কৰা সমাজখনত এতিয়া একপ্ৰকাৰ ধ্বংসৰ মুখলৈ গতি কৰিছে কিছুসংখ্যক যুৱকে ৷

লগতে পঢ়ক:ড্ৰাগছ ল’বলৈ নাপাই চুৰিকাৰ্যত নামিছে ড্ৰাগছ আসক্ত যুৱক

ABOUT THE AUTHOR

...view details