অসম

assam

ETV Bharat / state

পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন

অৰুণাচল প্ৰদেশৰ প্ৰশাসনে অসমৰ ভূমিত অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ নাওবৈচাত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ বিষয়াৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Arunachal Pradesh invades Assamese territory again) ৷

By

Published : Sep 3, 2022, 7:49 PM IST

Arunachal Pradesh invades Assamese territory again
পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন,

নাওবৈচা, 3 ছেপ্টেম্বৰ:অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ মাজতেই এইবাৰ পুনৰ নাওবৈচাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত অসমৰ ভূমি আগ্ৰাসনে ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছে (Arunachal Pradesh invades Assamese territory again) ৷ অৰুণাচল প্ৰদেশৰ প্ৰশাসনে অসমৰ ভূমিত অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ নাওবৈচাত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ বিষয়াৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation between Assam Arunachal border) ৷

অসমৰ লোকৰ পৰা দাবী ধমকি দি অৰুণাচলীয়ে লয় ধন

অসম-অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাৰ ফুলবাৰীৰ ধেমাগড় অঞ্চলত একাংশ অৰুণাচলী লোকে সভা পতাৰ গইনা লৈ তম্বু স্থাপন কৰিছে ৷ স্থানীয়ে লোকে কিয় এনেদৰে তম্বু তৰা হৈছে বুলি অৰুণাচলী লোকক প্ৰশ্ন কৰাত তেওঁলোকে সেই ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷ কেৱল এয়াই নহয় অঞ্চলটোৰ সমীপৱৰ্তী এলেকাত অসমৰ লোকে গৰু এৰাল দিয়া অথবা খৰি কাটিবলৈ গ’লেও অৰুণাচলী লোকে সেয়া নিজৰ ভূমি বুলি দাবী কৰি অৰুণালচৰ ভূমিৰ পৰা বস্তু নিয়াৰ বাবে ধন দাবী কৰে ৷ ইতিমধ্যে অঞ্চলটোৰ কেবাটাও এলেকাত অৰুণাচলীয়ে আগ্ৰাসন চলোৱা বুলি অভিযোগ স্থাপন কৰে স্থানীয় লোকসকলে ৷

মন কৰিবলগীয়া যে শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই অসম অৰুণাচল সীমান্তবর্তী লখিমপুৰ জিলাৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে (Minister Keshab Mahanta visited Assam Arunachal border) ৷ ইয়াৰ পিছতে অঞ্চলটোত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

আনহাতে স্থানীয়ে ৰাইজে অনতিপলমে অৰুণাচলী প্ৰশাসনক তম্বুসমূহ উঠাই নিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা দেওবাৰে তম্বুসমূহ উঠাই সীমান্তৱৰ্তী এলেকাটোত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে অসম অৰুণাচল সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল(Resolving Assam Arunachal border disputes ) । উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ।

ইফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মাজত এই বৈঠকত অনুষ্ঠিত হৈছিল । বৈঠকৰ পিছতে যোৱা কেইবাদিন ধৰি দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে আলোচনা অব্যাহত আছে প্ৰতিনিধি দলৰ । এই আলোচনাৰ জড়িয়তে অসমৰ সীমা সমস্যা সমাধান আৰু অৰুণাচল সীমা বিবাদ নিষ্পত্তি কৰা শীঘ্ৰে তাৰ বাবে সঘনাই ৰাজ্য দুখনৰ প্ৰশাসনিক বিষয়া মন্ত্ৰী-বিধায়কৰ উপস্থিতিত অব্যাহত ৰাখিছে আলোচনা ।

লগতে পঢ়ক:সীমা বিবাদ: অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details