অসম

assam

By

Published : Dec 28, 2020, 5:15 PM IST

ETV Bharat / state

নাৰায়ণপুৰৰ ভোগপুৰত 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

ভোগপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিছে শতাধিক শিশু বিজ্ঞানীয়ে ৷ শিশু সকলৰ মাজৰ পৰা 10 গৰাকী শিশু বিজ্ঞানীক নিৰ্বাচন কৰি নলবাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত অংশগ্ৰহণৰ সুবিধা দিয়া হ'ব ৷

national-children-science-exhibition-at-bhogpur-of-narayanpur
নাৰায়ণপুৰৰ ভোগপুৰত 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

বিহপুৰীয়া, 28 ডিচেম্বৰ :নাৰায়ণপুৰৰ ভোগপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান জিলা সমাৰোহ ৷ সোমবাৰে অনুষ্ঠিত হোৱা সমাৰোহত লখিমপুৰ জিলাৰ শতাধিক শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে ৷ সমাৰোহত শিশু বিজ্ঞানীসকলে উদ্ভাৱন কৰা প্ৰকল্পসমূহ প্ৰদৰ্শন কৰা হয় ৷ উল্লেখ্য যে, উক্ত প্ৰদৰ্শনকাৰীসকলৰ মাজৰ পৰা 10 গৰাকী শিশু বিজ্ঞানীক নিৰ্বাচন কৰি নলবাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত অংশগ্ৰহণৰ সুবিধা দিয়া হ'ব বুলি জনাইছে আয়োজকসকলে ৷

নাৰায়ণপুৰৰ ভোগপুৰত 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

সমাৰোহৰ পতাকা উত্তোলন আৰু শপত বাক্য পাঠ কৰে লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ সভাপতিয়ে ৷ অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ অনুজীৱ বিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড৹ পংকজ বৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন শিশু বিজ্ঞানী ডাঃ কুলেন্দু ভূঞাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ আনহাতে সমাৰোহৰ লগত সংগতি ৰাখি উন্মোচন কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অৰুণাচল প্ৰদেশৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড৹ লক্ষীৰাম ভূঞাই ৷

লগতে পঢ়কঃদীৰ্ঘ বিৰতিৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন ডাঃ তাৰাপ্ৰসাদ দাসৰ

ABOUT THE AUTHOR

...view details