অসম

assam

ETV Bharat / state

লগ্ন চাই দাখিল কৰিলে মনোনয়ন! পিচে কোন এই প্ৰাৰ্থী?

আজি দিনৰ 11.06 বজাত মনোনয়ন দাখিল কৰি এই সময় শুভ বুলি মন্তব্য কৰে বি টি চি তথা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতত 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক কামালছিং নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী আৰু বি পি এফৰ বহুকেইগৰাকী শীৰ্ষ নেতৃবৃন্দ ।৷ লগতে চি পি আই(এম)ৰ দেশৰ সবাতোকৈ কনিষ্ঠ প্ৰাৰ্থী 25 বছৰীয়া বীৰাজ ডেকাইও আজি দাখিল কৰে মনোনয়ন৷

THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION

By

Published : Apr 2, 2019, 9:48 PM IST

কোকৰাঝাৰ, 2 এপ্ৰিল: বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত এক আনন্দমুখৰ পৰিৱেশৰ মাজেদি আজি কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ হাইপ্ৰফাইল বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু চি পি আই(এম)ৰ দেশৰ সবাতোকৈ কনিষ্ঠ প্ৰাৰ্থী 25 বছৰীয়া বীৰাজ ডেকাই ৷

THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION

উল্লেখ্য যে, এইবাৰ কোকৰাঝাৰ সমষ্টি উদ্ধাৰ কৰাৰ স্বাৰ্থত কেৱল ৰণকৌশল তৈয়াৰ কৰাই নহয়, লগ্ন চাইহে মনোনয়ন পত্ৰ দাখিল কৰিলে বি পিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই । আজি দিনৰ 11.06 বজাত মনোনয়ন দাখিল কৰি এই সময় শুভ বুলি মন্তব্য কৰে বি টি চি তথা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION
বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতত 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকেৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক কামালছিং নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী আৰু বি পি এফৰ বহুকেইগৰাকী শীৰ্ষ নেতৃবৃন্দ ।

ইপিনে বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াইও বৃহৎ পৰিমাণৰ সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত তেখেতেও পূৰ্বতকৈ বেছি ভোটত জয়ী হোৱাৰ কথা উল্লেখ কৰাৰ লগতে বড়োলেণ্ড আৰু অবড়ো জনগোষ্ঠীৰ হকে তেওঁ সদায় মাত মাতি আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আনফালে সমগ্ৰ দেশৰে অন্যতম কণিষ্ঠ প্ৰাৰ্থী হিচাবে চৰ্চিত চি পি এই এমৰ বিৰাজ ডেকায়ো বহুসংখ্যক সমৰ্থকৰ উপস্থিতিত দাখিল কৰে মনোনয়ন পত্ৰ ।

ABOUT THE AUTHOR

...view details