কোকৰাঝাৰ, ২১ ফেব্ৰুৱাৰী: যক্ষ্মা ৰোগৰ সজাগতাৰ বাবে কোকৰাঝাৰত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে স্বাস্থ্য বিভাগে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে যক্ষ্মা ৰোগ মুক্ত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় এই কাৰ্যসূচীত । " টিবি হাৰেগা দেশ জিতেগা " শীৰ্ষক এই শোভাযাত্ৰা উদ্বোধন কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷ বিটিআৰ সচিবালয় খেলপথাৰৰ পৰা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎলয়লৈ যোৱা এই শোভাযাত্ৰাত যথেষ্ট লোকে অংশগ্ৰহণ কৰে ।
কোকৰাঝাৰত যক্ষ্মা ৰোগৰ সজাগতামূলক কাৰ্যসূচী
কোকৰাঝাৰত স্বাস্থ্য বিভাগৰ উদ্যোগত যক্ষ্মা ৰোগ মুক্ত ভাৰত গঢ়ি তোলাৰ বাবে সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাত বিভিন্নজনৰ লগতে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উপস্থিত থাকে । যক্ষ্মা ৰোগকে বিভিন্ন ৰোগৰ প্ৰতি সজাগ হ'বলৈ কোকৰাঝাৰৰ নাগৰিকক আহ্বান জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে ।
ইফালে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই সাংবাদিকৰ আগত কয় যে প্ৰত্যেক তিনি মিনিটত ভাৰতবৰ্ষত পাচঁ গৰাকী যক্ষ্মা ৰোগীৰ মৃত্যু হয় । সেয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ খনক যক্ষ্মা মুক্ত কৰাৰ বাবে উক্ত শ্লোগানেৰে এক সজাগতা সৃষ্টিৰ আচঁনি গ্ৰহণ কৰিছিল । অৰূপ কুমাৰ দেই যক্ষ্মা ৰোগৰ সজাগতাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । কেৱল যক্ষ্মাই নহয় বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰতো কেনেকৈ সাৱধানতা অৱলম্বন কৰি সুস্বাস্থ্য আৰু নিৰোগী হৈ থাকিব পাৰে তাৰ বাবেও বিটিআৰ অঞ্চলত সজাগতা বৃদ্ধিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷
লগতে পঢ়ক:আৰক্ষীৰ বাধাৰ বাবে অনুষ্ঠিত নহ’ল পৰেশ বৰুৱাৰ সংবাদমেল