অসম

assam

ETV Bharat / state

Rape in Kokrajhar:কোকৰাঝাৰত ধৰ্ষণকাৰীক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড

কোকৰাঝাৰত জে কোচৰ বিশেষ আদালতৰ ঐতিহাসিক ৰায়দান ৷ নাবালিকাৰে অপকৰ্ম কৰা ব্য়ৱসায়ী নাৰায়ণ দে’ক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড ৷২০ হেজাৰ টকাৰ জৰিমনা ৷ জৰিমনা অনাদেয় অতিৰিক্ত এবছৰৰ কাৰাদণ্ড ৷

By

Published : Aug 9, 2023, 8:47 PM IST

Rape crime in Assam
কোকৰাঝাৰত জে কোচৰ বিশেষ আদালতৰ ৰায়দান

কোকৰাঝাৰত জে কোচৰ বিশেষ আদালতৰ ৰায়দান

কোকৰাঝাৰ, ৯ আগষ্ট :কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত এগৰাকী চৈধ্য বছৰীয়া নাবালিকাক সম্পৰ্কীয় লোকে অপকৰ্ম কৰি অন্তঃসত্বা কৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে কোকৰাঝাৰ জে কোচৰ বিশেষ আদালতে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে ৷ জে কোচৰ বিশেষ আদালতে ধৰ্ষণকাৰী তথা ব্যৱসায়ী নাৰায়ণ দে’ক ২৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ দণ্ডিত কৰে । জে কোচৰ বিশেষ আদালতে তেওঁক ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰ কাৰাদণ্ড বিহিছে বিশেষ আদালতে ৷

লগতে পঢ়ক:DGP GP Singh: তিনিচুকীয়াত ডিজিপিৰ দুখনকৈ আইন-শৃংখলা পৰ্যালোচনা বৈঠক; আলফা (স্বাঃ)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ হুংকাৰ

উল্লেখ্য যে ভুক্তোভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা মনজিৎ ঘোষে সদৰী কৰা মতে, অভিযুক্ত নাৰায়ণ দে' ২০১৯ চনত তেওঁৰ সম্পৰ্কীয় নাবালিকা এগৰাকীক নিজৰ সন্তানৰ দেখা শুনাৰ কাৰণে নিজ ঘৰত ৰাখিছিল । কিন্তু অভিযুক্তই নাবালিকাগৰাকীৰ সতে অবৈধ সম্পৰ্ক গঢ়ি তোলে । ইয়াৰ পৰিণতিত নাবালিকাগৰাকী গৰ্ভৱতী হয় । পিছত নাবালিকা ছোৱালীগৰাকীয়ে এটি সন্তানো জন্ম দিয়ে । উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোসাইগাঁও থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ মৰ্মে গোসাইগাঁও থানাত এক গোচৰ (নং ১১৮/১৯) ৰজু হয় ।

লগতে পঢ়ক:APCC slams CM Himanta: তাচ্ছিল্য কৰাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিষয়ৰ গভীৰতা উপলব্ধি কৰিব লাগিছিল; প্ৰদেশ কংগ্ৰেছ

আজি জে কোচৰ বিশেষ আদালতে পকচো আইনৰ ৬ নং ধাৰা মৰ্মে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি অভিযুক্ত ব্যৱসায়ী নাৰায়ণ দে'ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহিছে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্তভাৱে এবছৰ কাৰাবাস খাটিব লাগিব বুলি ৰায়দান প্ৰদান কৰে আদালতে । উল্লেখ্য যে ভুক্তভোগীৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা মনজিৎ ঘোষে ।

লগতে পঢ়ক:Assam cabinet in Delhi: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত কেবিনেট অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপচয় কৰিছে; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details