কোকৰাঝাৰ, 20 মে': জনসাধাৰণৰ সুবিধাৰ্থে ৰে'ল সেৱাৰ অধিক উন্নতি আৰু আধুনিকীকৰণৰ বাবে কেন্দ্ৰ চৰকাৰে বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও অসম বংগ সীমান্তৱৰ্তী বৃহত্তৰ গোসাঁইগাঁও মহকুমাৰ প্ৰায় তিনি লাখ ৰাইজ আজিও বঞ্চিত ৰে'ল সেৱাৰ পৰা ৷ ৰে'ল বিভাগৰ উন্নতি আৰু পৰিৱৰ্তন হৈছে যদিও গোসাঁইগাঁও ৰে'ল ষ্টেচনৰ উন্নতি সাধন ন'হল ।
ৰে'ল সেৱাৰ পৰা বঞ্চিত 3 লক্ষ লোক
ৰে'ল সেৱাৰ পৰা উপেক্ষিত গোসাঁইগাঁৱৰ ৰাইজ ৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত গোসাঁইগাঁৱৰ ৰে'ল ষ্টেচন ৷ গোসাঁইগাঁও মহকুমাৰ প্ৰায় তিনি লাখ ৰাইজ আজিও বঞ্চিত ৰে'ল সেৱাৰ পৰা ৷
বিটিচিৰ কোকৰাঝাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু সীমান্তৱৰ্তী গোসাঁইগাঁও ৰে'ল ষ্টেচন আজিও অনুন্নত । এশ এবুৰি সমস্যাই কোঙা কৰি তুলিছে গোসাঁইগাঁও ৰে'ল ষ্টেচন । এটা ৰে'ল ষ্টেচনত থাকিবলগীয়া সা-সুবিধাৰ ন্যূনতম সুবিধা নাই গোসাঁইগাঁও ৰে'ল ষ্টেচনত । ফলত নিতৌ হেজাৰ হেজাৰ ৰে'ল যাত্ৰীয়ে বিভিন্ন সমস্যা ভোগ কৰি আহিছে । গোসাঁইগাঁও ষ্টেচনত নাথাকে পানী, নাই পোহৰৰ ব্যৱস্থা । বিদ্যুৎ গ'লে অন্ধকাৰ হৈ পৰে ষ্টেচন । ষ্টেচনত নাই ঘোষণা কৰিবলৈ মাইকৰ ব্যৱস্থা । যাত্ৰী নিৰাপদে ৰে'লত উঠিবলৈ আৰু নামিবলৈ নাই ৰে'ল ষ্টেচনৰ (ট্ৰেক) ব্যৱস্থা । যাৰ বাবে অন্যান্য যাত্ৰীৰ উপৰি মহিলা, বৃদ্ধ, শিশু যাত্ৰী সকলে জীয়াতু ভুগি আহিছে । ষ্টেচনটো উন্নতি সন্দৰ্ভত বিভাগীয় কর্তৃপক্ষক গোসাঁইগাঁৱৰ জ্যেষ্ঠ নাগৰিককে আদি কৰি বিভিন্ন সংগঠনে দাবী জনাই গণতান্ত্ৰিক আন্দোলন কৰি আহিছে যদিও বিগত ত্ৰিশ বছৰে কোনো সুফল দেখিবলৈ পোৱা নাই । এশ এবুৰি সমস্যাই জৰ্জৰিত কৰি তুলিছে গোসাঁইগাঁও ৰে'ল ষ্টেচন । আনহাতে, সচেতন মহলে শীঘ্ৰে গোসাঁইগাঁও ৰ'ল ষ্টেচনৰ উন্নয়নৰ লগতে দূৰ-দূৰনি লৈ যাবলগীয়া দ্ৰুতগামী ৰে'লসমূহ ৰখাবলৈ বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে ।