অসম

assam

ETV Bharat / state

বি পি এফৰ ধনবল-বাহুবল আছেঃ ইউ জি ব্ৰহ্ম

দেওবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফক কটাক্ষ কৰি এইবাৰ বিপিএফে প্ৰতিষ্ঠান বিৰোধী ঢৌত তিষ্ঠিব নোৱাৰিব বুলি মন্তব্য কৰে ৷ লগতে সাংসদ হৈ বিটিএডিৰ বড়োসকলৰ সমস্যা সমাধানৰ হকে কাম কৰি যোৱাৰ বিষয়ে মন্তব্য কৰে ৷

By

Published : Apr 8, 2019, 5:26 AM IST

ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম

কোকৰাঝাৰ, 8এপ্ৰিল: "বি পি এফৰ ধনবল আছে বাহুবল আছে ৷ কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দল ফেক্টৰ হ'বলৈ ইচ্ছা কৰি আছে কিন্তু বি টি এডি অঞ্চলত প্ৰতিষ্ঠান বিৰোধী ঢৌ অব্যাহত আছে ৷ সেয়ে প্ৰতিষ্ঠান বিৰোধী ঢৌত বিপিএফ দল তিষ্ঠিব নোৱাৰিব"-দেওবাৰে এক প্ৰচাৰ অনুষ্ঠানৰ মাজতে সাংবাদিকৰ আগত এই মন্তব্য ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ নৱ শৰণীয়া আৰু শাসক দল বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে যুঁজ হ'ব বুলি মন্তব্য এবছু সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷

ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম

লগতে এবছু সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক সকলো প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দী বুলি ভাবিছে উল্লেখ কৰি এইবাৰ সকলোতকৈ তেওঁ আগবাঢ়ি আছে বুলিও মন্তব্য প্ৰকাশ কৰে ৷ ইপিনে সমষ্টিটোত সাংসদ হৈ নিৰ্বাচীত হ'লে বিটিএডি তথা কোকৰাঝাৰ লোকসভা সমষ্টি সংঘৰ্ষমুক্ত অঞ্চল হিচাপে গঢ়ি তোলাৰ লগতে বড়ো সকলৰ সমস্যা সমাধানৰ লক্ষ্য আগত ৰাখি কাম কৰি যোৱাই মূল ইচ্ছু হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details