অসম

assam

ETV Bharat / state

বিটিআৰ চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগুৰ বসুমতাৰীৰ

আজি এক সংবাদমেলযোগে বড়ো চুক্তি স্বাক্ষৰৰ পিচত কোকৰাঝাৰলৈ আহি প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষাধিক জনতাৰ সমাৱেশৰ মাজত 'এইখনেই অন্তিমখন চুক্তি, ইয়াৰ বাহিৰে আৰু কোনোধৰণৰ চুক্তি বড়োসকলৰ সৈতে নহয় বুলি কৰা মন্তব্যক লজ্জাজনক আৰু বিপদজনক বুলি ব্যক্ত কৰে জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগুৰে ৷

By

Published : Feb 27, 2020, 10:52 PM IST

জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগু
জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগু

কোকৰাঝাৰ, 27 ফেব্ৰুৱাৰীঃকেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ স'তে এবছু আৰু এনডিএফবিৰ চাৰিটা গোটে বিগত 27 জানুৱাৰীত স্বাক্ষৰ কৰা তৃতীয়খন বড়ো শান্তি চুক্তি বিটিআৰক লৈ, আজি কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদমেলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগুৰ বসুমতাৰীয়ে ৷ এই চুক্তি স্বাক্ষৰৰ পিচত কোকৰাঝাৰলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষাধিক জনতাৰ সমাৱেশৰ মাজত 'এইখনেই অন্তিমখন চুক্তি, ইয়াৰ বাহিৰে আৰু কোনোধৰণৰ চুক্তি বড়োসকলৰ সৈতে নহয়' বুলি কৰা মন্তব্যক লজ্জাজনক আৰু বিপদজনক বুলি ব্যক্ত কৰে নেতাগৰাকীয়ে ৷ ইয়াৰোপৰি কেইজন মানুহক পৰা মত লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই চুক্তিখন কৰিলে বুলিও প্ৰশ্ন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

বিটিআৰ চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ জ্যেষ্ঠ বড়ো নেতা ছানছুমা খংগুৰ

ABOUT THE AUTHOR

...view details