কোকৰাঝাৰ,29 এপ্ৰিল:কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ হাস্পতালৰ পৰা বুধবাৰে এগৰাকী ক’ভিডত আক্ৰান্ত ৰোগীয়ে পলায়ন কৰে ৷ পলায়ন কৰা ৰোগী গৰাকী আলী হুছেইন (32) বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, জিলাখনত কৰ’ণাৰ গণ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এই সময়চোৱাতে এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী হাস্পতালৰ পৰা পলায়ন কৰাৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত বড়োৱে চেৰফাংগুৰী থানাত দাখিল কৰে এজাহাৰ ৷
চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে অৰ্থাৎ 27 এপ্ৰিলত আলী হুছেইন (32) নামৰ ৰোগীগৰাকীক চেৰফাংগুৰীৰ ক’ভিড কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বুধবাৰে পুৱা প্ৰায় 10 বজাত আলীয়ে হাস্পতালখনৰ পৰা পলায়ন কৰে ৷
জানিব পৰা মতে, পলায়ন কৰা ৰোগী গৰাকীয়ে মঙলবাৰে বিহাৰৰ পৰা গুৱাহাটী অভিমুখে আহিছিল ৷ অসম-পশ্চিমবংগৰ সীমান্তৱৰ্তী এলেকা শ্ৰীৰামপুৰৰ আন্তঃৰাজ্যিক তালাচী চকীত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰোতে লোকজনৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ৷ তাৰপিছতে তেওঁক চেৰফাংগুৰীৰ ক’ভিড কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷
লগতে পঢ়ক:ক'ভিড-ভূমিকম্পক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক