কোকৰাঝাৰ, ২১ ফেব্ৰুৱাৰী:কুইপৰ দুই কৰ্মচাৰীক আলফা(স্বা)য়ে অপহৰণ কৰা কাৰ্যক বিভিন্নজনে সমালোচনা কৰাৰ লগতে সকলোৱে দুইগৰাকী কৰ্মচাৰীক শীঘ্ৰে মুকলি কৰি দিবলৈও দাবী জনাইছে । ইয়াৰ মাজতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিশেষ আহ্বান আলফা(স্বা)লৈ । কুইপৰ দুই বিষয়াক মানৱতাৰ স্বাৰ্থত অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা(স্বা)ক আহ্বান জনাই নেতাগৰাকীয়ে । হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি ৰবিবাৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে । ২১ শতিকাত কোনোবাই যদি মানুহ হত্যা কৰি বা অপহৰণ কৰি উদ্দেশ্যত সফল হ'ব সেয়া কেতিয়াও উচিত নহয় বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে হিংসাৰ পথ পৰিহাৰ কৰিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনায় । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু শান্তিৰ বাবে কুইপৰ বিষয়া কেইজনক মুকলি কৰি দিবলৈ আলফা নেতৃবৃন্দলৈ আহ্বান জনাই নেতাগৰাকীয়ে ৷
আলফা(স্বা)লৈ বিশেষ আহ্বান বিটিআৰৰ শীৰ্ষ নেতাৰ
কুইপৰ দুই বিষয়াক মানৱতাৰ স্বাৰ্থত অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা(স্বা)ক আহ্বান জনাইছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল দলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই ৷
আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল দলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই কুইপৰ বিষয়া দ্বয়ক মুকলি কৰি দিবলৈ বিশেষভাৱে আলফা(স্বা)ক আহ্বান জনায় ৷ উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় যে উত্তৰ পূৰ্বাঞ্চলত ক্ৰমান্বয়ে শান্তি ঘূৰি অহাৰ সময়তে কুইপৰ বিষয়াদ্বয়ক পণবন্দী কৰাৰ বিষয়টোৱে সম্প্ৰতি এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ আলফাই নিজৰ ওপৰত লগা কালিমা বা দাগ আতৰাবৰ বাবে তথা মানৱতাৰ স্বাৰ্থত কুইপৰ দুই কৰ্মচাৰীক শীঘ্ৰেই মুকলি কৰি দিবলৈ ব্ৰহ্মই আলফাক আহ্বান জনায় ৷
লগতে পঢ়ক:কুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা