কোকৰাঝাৰ,19 জুনঃকোকৰাঝাৰ সদৰ চহৰৰ পদপথত দোকান দি জীৱন-নিৰ্বাহ কৰা ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানসমূহ স্থানান্তৰিত কৰা হ'ল চহৰখনৰ স্থায়ী বজাৰগৃহলৈ ৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্থানান্তৰণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ শুকুৰবাৰে পুৱাই বজাৰত উপস্থিত হয় সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকানসমূহ স্থায়ী বজাৰগৃহলৈ স্থানান্তৰ কৰাৰ অন্তত এইয়া কোকৰাঝাৰবাসীৰ বাবে এটা ভাল খবৰ বুলি মন্তব্য কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি চলি থকাৰ বাবে বহু অসুবিধাৰ সৃষ্টি হোৱাৰ কথাও উল্লেখ কৰে ৷
ইপিনে মন্ত্ৰীগৰাকীয়ে,বিটিচি নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ আগত নিৰ্বাচনৰ বাবে বিপিএফ সাজু বুলি কৈ সমুখ সমৰত ধীৰে-স্থিৰে আগবাঢ়িব বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰিও বিটিচিত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি কৰা দাবী সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কাৰোবাৰ ভৰিৰ তলত মাটি নাথাকিব পাৰে কিন্তু ডাইলগ মাৰে বুলি তীৰ্যক মন্তব্য কৰে । আনহাতে বিজেপিৰে মিত্ৰতা অব্যাহত আছে বুলি কৈ বিপিএফৰ পৰা বিজেপিলৈ দুই-এজন নেতাই যোগদান কৰিছে যদিও নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে বিজেপিলৈ গৈছে বুলি কয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।