অসম

assam

ETV Bharat / state

বানত ডুব গ'ল কোকৰাঝাৰ

কোকৰাঝাৰত বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানে খহাই নিলে গড়কাপ্তানী পথ । শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

বানত ডুব গ'ল কোকৰাঝাৰ,হাঁহাকাৰ ৰাইজৰ

By

Published : Jul 11, 2019, 1:47 AM IST


কোকৰাঝাৰ, 11 জুলাইঃ কোকৰাঝাৰত বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানে খহায় নিলে গড়কাপ্তানী পথ । খেতি পথাৰকে ধৰি পশুধনৰ বিস্তৰ ক্ষতি সাধন অঞ্চলটোত । ভূটানৰ পৰা নামি অহা পানীৰে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ ।

বানত ডুব গ'ল কোকৰাঝাৰ

জিলাখনত ভয়ংকৰ ৰূপত বাঢ়িছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ । বানপানীত আবদ্ধ হৈ পৰিছে কেবাখনো গাঁৱৰ লোক । বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে খেতি-বাতি বিনষ্ট হোৱাৰ লগতে গাঁৱকেইখনত ইতিমধ্যে দুই শতাধিক পুখুৰী ডুবি মাছ ওলাই গৈছে । পশুধনৰ সৈতে গাঁৱবাসীও আবদ্ধ হৈ পৰিছে পানীৰ মাজত । তদুপৰি সিকাৰবিলৰ গড়কাপ্তানী পথটো বানে খহায় নিয়াত সমগ্ৰ অঞ্চলটোত যাতায়াত বন্ধ হৈ পৰিছে । শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ।

লগতে আন এটা বাতৰি - গহপুৰত খাৰৈ নদীৰ খহনীয়া

ABOUT THE AUTHOR

...view details