অসম

assam

By

Published : Oct 31, 2019, 3:15 AM IST

ETV Bharat / state

কোকৰাঝাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ আক্ৰাছুৰ

সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ স্মাৰক পত্ৰ প্ৰেৰণ কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰলৈ ৷ সমাজৰ পৰা অনৈতিক কাৰ্যৰ লগতে সংগঠনটোৰ কৰ্মীক জুৱাৰীৱে আক্ৰমণ কৰা ঘটনাৰ তদন্ত বিচাৰি উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷

কোকৰাঝাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ আক্ৰাছুৰ

কোকৰাঝাৰ,30অক্টোবৰ :ৰাজ্যত বৃদ্ধি পাইছে সমাজ বিৰোধী বিভিন্ন কাৰ্যকলাপৰ লগতে মুকলিকৈ বিক্ৰী কৰা মদৰ বিপণী আৰু জুৱাৰ আদ্দা ৷ যাৰ প্ৰৰোচনাত পৰি বহু নৱ প্ৰজন্মৰ জীৱন ধ্বংস হ'বলৈ ধৰিছে ৷ বুধবাৰে এই সক্ৰান্তত সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰক প্ৰদান কৰে এখন স্মাৰক পত্ৰ ৷ সংগঠনটোৱে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হোৱাৰো দাবী জনায় ৷

অন্য এক খবৰৰ বাবে : বাঁহ শিল্পৰে সংস্থাপনৰ বাট বুলিছে মাজুলীৰ প্ৰবিত্ৰ ফুকনে

উল্লেখ্য যে, 27 অক্টোবৰত শক্তি আশ্ৰম সকাপাৰা গাঁৱৰ বিদ্যালয়ৰ সমীপত কালীপূজাৰ নামত মুকলিকৈ জুৱাৰ আড্ডা হৈ থকাৰ খবৰ পাইছিল সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ৷ ইয়াৰ পাছতেই সংগঠনটোৰ কেইজনমান কৰ্মী জুৱাৰ ঘাটি বন্ধ কৰিবলৈ গৈছিল ৷ কিন্তু সংগঠনটোৰ কৰ্মীৰ লগত জুৱা খেলুৱৈসকলৰ মাজত কথাৰ কটাকটি হৈছিল আৰু এটা সময়ত ঘটনা উত্তেজিত হৈ পৰিছিল ৷ উত্তেজিত খেলুৱৈসকলে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কোকৰাঝাৰ সমিতিৰ সভাপতি কনকন ৰায় আৰু কৰ্মী মাখন ৰায়ক আক্ৰমণ কৰিছিল ৷ এই ঘটনা সক্ৰান্তত ফকিৰাগ্ৰাম আৰক্ষী চকীত ৰুজু কৰা হৈছিল এক গোচৰ ৷ গোচৰৰ ভিত্তিত আৰক্ষীয়ে জুৱাৰী সঞ্জয় দেৱনাথক আটক কৰিছে যদিও আন পাঁচ জুৱাৰী ক্ৰমে শংকৰ দেৱনাথ, বিপুল দেৱনাথ, উত্তম দেৱনাথ, নাৰায়ণ দেৱনাথ আৰু প্ৰিতুল বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি আছে ৷ যাৰ বাবে ছাত্ৰ সংগঠনটোৱে ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ ৷

কোকৰাঝাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ আক্ৰাছুৰ

দীৰ্ঘদিন ধৰি ৰাজ্যত চলি অহা এনে অনৈতিক কাৰ্যৰ লগতে নিচাৰ ঘাটি বন্ধ কৰাত প্ৰশাসন বিফল হৈ আহিছে ৷ বহু নৱ প্ৰজন্ম বৰ্তমান ধ্বংসৰ গৰাহত পৰিছে একমাত্ৰ নিচা জাতীয় সামগ্ৰীৰ বাবে ৷ প্ৰশাসনক এই সন্দৰ্ভত কঠোৰ হোৱাৰ বাবে জনসাধৰণে আহ্বান জনায় আহিছে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গৈছে ৷

ABOUT THE AUTHOR

...view details