অসম

assam

Bodoland University: উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক সুৰক্ষা দিছে ৰাজভৱনে; এবছুৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:06 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ এবছু ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ গুৰুতৰ অভিযোগ- বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যক বচোৱাৰ বাবে সমগ্ৰ ৰাজভৱন নামি পৰিছে । বড়োলেণ্ড বিশ্ববিদ্যালয়ক সুৰক্ষা দিয়াৰ স্বাৰ্থত কাৰাগাৰলৈ যাবলৈও সাজু এবছু ৷

Bodoland University
Bodoland University

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ এবছু

কোকৰাঝাৰ, 29 ছেপ্টেম্বৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে এবছু ৷ দুৰ্নীতিত লিপ্ত উপচাৰ্যগৰাকীৰ বিৰুদ্ধে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শুকুৰবাৰে সংবাদমাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷

এবছুৰ সভাপতি দ্বীপেন বড়োৱে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজভৱনে সুৰক্ষা দিছে ৷ এগৰাকী দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যক ৰক্ষাৰ বাবে সমগ্ৰ ৰাজভৱন নামি পৰিছে । ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বতে দুৰ্নীতিগ্ৰস্ত উপচাৰ্যগৰাকীক সুৰক্ষা দি থকা হৈছে ।

উপাচাৰ্যগৰাকীক সুৰক্ষা দিয়াত ৰাজভৱনৰ পাঁচগৰাকী বিষয়া জড়িত হৈ আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । ইফালে, ইয়াৰ প্ৰতিবাদত কাইলৈ অৰ্থাৎ শনিবাৰে বিটিআৰৰ (BTR) পাঁচ জিলা সদৰত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং আৰু মিহিৰকান্তি চৌধুৰীসহ ৰাজভৱনৰ পাঁচগৰাকী বিষয়াৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

ইয়াৰ পিছত 3,4,5,6 অক্টোবৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৱে অনুষ্ঠিত কৰিব গণ আন্দোলন । প্ৰয়োজন সাপেক্ষে বড়োলেণ্ড বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে এবছুৰ সভাপতিগৰাকীয়ে ৷

এমাহজোৰা আন্দোলনৰ বাবে এবছু প্ৰস্তুত বুলি উল্লেখ কৰি দ্বীপেন বড়োৱে স্পষ্ট কৰি দিয়ে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ক বচোৱাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে এবছুৰ নেতা-কৰ্মী জে’ললৈ যাবলৈও সাজু আছে ।

আনহাতে বিষয়টো সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰি এবছুৰ সভাপতিগৰাকীয়ে কয় যে শৈক্ষিক উপদেষ্টা মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত ৰাজভৱনে যি কাৰ্য কৰিছে তাৰ প্ৰভাৱ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক সকলোতে পৰিব ৷

লগতে পঢ়ক:Bodoland University: ক’ত অন্তৰ্ধান হ’ল বড়োলেণ্ড বিঃ বিঃৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং ?

ABOUT THE AUTHOR

...view details