কৰিমগঞ্জ, 29 এপ্ৰিল : স্বাধীনতাৰ 72 টা বছৰৰ পাচতো চৰকাৰী আঁচনিৰ মুখ নেদেখা কৰিমগঞ্জৰ এখন গাঁও ৷ কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত পালটিল্লা আৰু নুনিয়া টিল্লা নামৰ গাঁওখনক আজিও ঢুকি পোৱা নাই চৰকাৰী আঁচনীয়ে ৷ বিদ্যুৎ যোগান, ৰাস্তা-ঘাট আৰু খোৱা পানীকে ধৰি ভিন্ন সমস্যাৰে পূৰ্ণ গাঁওখন ৷ ৰাস্তা-ঘাটৰ ব্যৱস্থা নথকা গাঁওখনৰ লোকে বিগত বহু বছৰে যাতায়ত কৰি আহিছে পথাৰৰ মাজেৰে ৷
চৰকাৰী আঁচনিৰ পৰা বহু নিলগত কৰিমগঞ্জৰ এখন গাঁও
জনপ্ৰতিনিধিৰ অবহেলাত অতিষ্ঠ কৰিমগঞ্জৰ পালটিল্লা আৰু নুনিয়া টিল্লা গাঁওবাসীয়ে নিজেই হাতত ল'লে পথ নিৰ্মাণৰ কাম ৷ পথাৰৰ মাটি কাটি পথাৰৰ মাজেৰে আৰম্ভ কৰিছে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম ৷
জনপ্ৰতিনিধিৰ অবহেলাত অতিষ্ঠ কৰিমগঞ্জৰ এখন গাঁও
পঞ্চায়ত প্ৰতিনিধিৰ লগতে সমষ্টিটোৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লাৰ কাষচাপি গাঁওবাসীয়ে আবেদন-নিবেদন জনাই আহিছে যদিও আজিলৈকে লাভ কৰা নাই কোনোধৰণৰ সুফল ৷ ফলত উপায়ন্তৰ হৈ গাঁওবাসীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে পথাৰৰ মাটি কাটি পথাৰৰ মাজেৰে আৰম্ভ কৰিছে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম ৷