অসম

assam

ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন BSFৰ দুই অতিৰিক্ত সঞ্চালক প্ৰধানৰ

কৰিমগঞ্জত থকা ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন সীমা সুৰক্ষা বাহিনীৰ দুগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধানৰ ৷ দিল্লীৰ পৰা গৈ পোনে পোনে ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ কৰে দুয়োগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান ৷

By

Published : Mar 20, 2020, 9:11 PM IST

Two BSF ADG observed India-Bangladesh border in Karimganj
ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন সীমা সুৰক্ষা বাহিনীৰ দুই অতিৰিক্ত সঞ্চালক প্ৰধানৰ

কৰিমগঞ্জ, 20 মাৰ্চ: শুকুৰবাৰে কৰিমগঞ্জত থকা ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে সীমা সুৰক্ষা বাহিনীৰ দুগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধানে ৷ দিনৰ প্ৰায় 12 বজাত হেলিকপ্টাৰযোগে কৰিমগঞ্জত উপস্থিত হয় দুয়োগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধানে৷ দিল্লীৰ পৰা গৈ প্ৰথমে কৰিমগঞ্জৰ ডি.এছ.এ. খেলপথাৰত অৱতৰণ কৰে সীমা সুৰক্ষা বাহিনীৰ দুই অতিৰিক্ত সঞ্চালক প্ৰধান ক্ৰমে এচ এন পানথাওচেন আৰু এডিজি পংকজ৷ অৱতৰণৰ পাছতেই পোনে পোনে ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ বাবে ওলাই যায় দুয়োগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান ৷

ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন সীমা সুৰক্ষা বাহিনীৰ দুই অতিৰিক্ত সঞ্চালক প্ৰধানৰ

উল্লেখ্য যে প্ৰথমে সুতাৰকান্দি স্থল সীমান্ত পৰিদৰ্শন কৰি কৰিমগঞ্জ চহৰত থকা ষ্টীমাৰঘাট বি.এছ.এফ. কেম্পত উপস্থিত হয় দুয়ো গৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান ৷ তাৰ পাছতে ষ্টীমাৰঘাটৰ পৰা সীমা সুৰক্ষা বাহিনীৰ ৱাটাৰ উইংগৰ স্পীড বোটত উঠি সীমা নিৰ্ধাৰণকাৰী নৈ কুশিয়াৰৰ মাজেদি ভাৰত বাংলাদেশ নৈ সীমান্ত পৰিদৰ্শন কৰে দুয়োগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত সীমা সুৰক্ষা বাহিনীৰ বিশেষ হেলিকপ্টাৰযোগে বিয়লি 4 মান বজাত কলকাতালৈ উৰা মাৰে দুয়োগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান ৷ উল্লেখ্য যে সংবাদকৰ্মীৰ সতে দুয়োগৰাকী শীৰ্ষ বিষয়া মুখামুখি নোহোৱাৰ বাবে জানিব পৰা হোৱা নাই এই পৰিদৰ্শনৰ প্ৰকৃত কাৰণ ৷ কিন্তু বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তেভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমান্ত পৰিদৰ্শন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে ৷

লগতে পঢ়কঃ "অসম দৰ্শন" আঁচনিৰ পৰা বাদ পৰা এটা তিনিশ বছৰ পুৰণি কালী মন্দিৰ

ABOUT THE AUTHOR

...view details